সম্পৰ্কীয় বাতৰি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰে দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদ নিষ্পত্তিৰ নামত পাৰস্পৰিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল যদিও উক্ত বুজাবুজি চুক্তি সম্প্ৰতি লখিমপুৰ জিলাৰ বেলিকা ধোঁৱাচাঙত উঠাহে পৰিলক্ষিত হৈছে।

লখিমপুৰৰ দুলুং বনাঞ্চলৰ দুলুংমুখস্থিত বায়ুসেনাৰ ফায়াৰিং ৰেঞ্জ এলেকাৰ বৃহৎ পৰিমাণৰ মাটি অৰুণাচল প্ৰদেশ চৰকাৰে বেদখল কৰি অহাৰ লগতে সমগ্ৰ এলেকাটো নিজৰ দখললৈ নিয়াৰ চেষ্টা বৰ্তমানো অব্যাহত ৰাখিছে। য’ত বিনা অনুমতিত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ বায়ুসেনাই হৰ্ডিং আঁৰি থৈছে তেনে এক বৃহত্তৰ এলেকাত আগ্ৰাসন অব্যাহত ৰাখি কি ভিত্তিত অৰুণাচলী লোকসকলে অবৈধভাৱে গৃহ, গীৰ্জা, বিদ্যালয় স্থাপনৰ লগতে বিদেশী সুৰাৰ দোকান, চাহ বাগিচা আদি স্থাপনেৰে দখল নিগাজী কৰিছে সেয়া সম্প্ৰতি ৰহস্যৰ আৱৰ্তত।

এইক্ষেত্ৰত বায়ুসেনাৰ দায়িত্বহীন মনোভাব অতি স্পৰ্শকাতৰ বিষয়ৰূপেহে পৰিগণিত হৈছে। উল্লেখ্য যে, বায়ুসেনাই হেলিকপ্টাৰ আৰু ৰকেটেৰে শত্ৰু সেনাৰ ওপৰত বোমা নিক্ষেপৰ অনুশীলনৰ বাবে ১৯৭৫ চনত বনাঞ্চলখনৰ ৪১৫০ একৰ মাটি পঞ্চাশ বছৰৰ বাবে অর্থাৎ ২০২৫ চনলৈকে ব্যৱহাৰৰ বাবে বায়ুসেনাই বন বিভাগেৰে হোৱা এক চুক্তিত লীজত লৈছিল। বায়ুসেনাৰ তেজপুৰস্থিত ১১ নং উইঙছে এই মাটিখিনি ব্যৱহাৰ কৰি অহাৰ বিনিময়ত বৰ্তমানো বছৰি ২৪,৯০০ টকাকৈ অসম চৰকাৰৰ বন বিভাগক আদায় দি আহিছে।

ইফালে বন বিভাগে বায়ুসেনাৰ লগত সম্পাদন কৰা চুক্তি অনুসৰি লীজ এলেকাৰ জীৱ-বৈচিত্র্যকে ধৰি প্রাকৃতিক পৰিবেশ অক্ষুণ্ণ ৰখা আৰু বেদখল ৰোধৰ দায়িত্ব বায়ুসেনাৰ ওপৰতে ন্যস্ত আছে। কিন্তু বায়ুসেনাৰ গুৰুত্বহীনতা তথা অমনোযোগিতাৰ সুযোগ লৈ ১৯৮০ চনৰ পৰা অৰুণাচল প্রদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ অৰুণাচলী লোকে ফায়াৰিং ৰেঞ্জৰ মাটি বেদখল কৰি খেতি- খোলা কৰাৰ লগতে বসবাস কৰিবলৈ লয়।

পোন প্ৰথমে উক্ত এলেকাটোত কেৱল ১১ টা অৰুণাচলী পৰিয়ালেহে বসবাস কৰিছিল যদিও বৰ্তমান এলেকাটোত হেজাৰোধিক পৰিয়ালে বসবাস কৰা দৃষ্টিগোচৰ হৈছে। এই বেদখলকাৰী অৰুণাচলী পৰিয়ালসমূহক উচ্ছেদ কৰি বায়ুসেনাক প্ৰকৃতাৰ্থত লীজত দিয়া ভূমিভাগ বেদখলমুক্ত কৰাত বায়ুসেনাৰ লগতে অসমৰ পূৰ্বৰ পৰা বৰ্তমানলৈ কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত সম্প্ৰতি বেদখলী ভূমিভাগত গাঁও, শিক্ষানুষ্ঠান, গির্জা, বাট-পথ, ব্যৱসায়িক প্ৰতিষ্ঠান, বিদেশী সুৰাৰ দোকান, চাহ বাগিচা আদি স্থাপন কৰি অৰুণাচলী লোকসকলে ইতিমধ্যে বেদখলী ভূমিভাগ নিজৰ দখললৈ নিছে।

এইক্ষেত্ৰত অৰুণাচলী প্ৰশাসনৰ লগত গোপন বুজাবুজি কৰি উল্লিখিত ভূমিভাগত অৰুণাচলী সুৰাৰ দোকান স্থাপনেৰে নিজৰ সংস্থাপনৰ বাট মুকলি কৰিব বিচৰা কেইবাগৰাকী অসমীয়া জাতীয় সংগঠনৰ নেতাও জড়িত থকাৰ অভিযোগ উঠিছে। বায়ুসেনাৰ নিষ্ক্রিয়তাৰ সুযোগ গ্রহণ কৰি উল্লিখিত এলেকাত ২০১৬ চনত অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে উত্তৰ-পূব পৰিষদৰ প্ৰায় এক কোটি টকাৰে এটা ইক’ টুৰিজম প্রকল্প স্থাপন কৰিছিল যদিও লখিমপুৰৰ তদানীন্তন উপায়ুক্ত বৰুণ ভূঞা আৰু তদানীন্তন বন সংমণ্ডল প্ৰাধিকাৰী ডাঃ বচনথন বিয়ে উদ্যোগলৈ উক্ত প্ৰকল্পটো উচ্ছেদ কৰি দিছিল।

লখিমপুৰৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ কার্যালয়ে ২০১৭ চনত দুলুং বনাঞ্চলৰ ফায়াৰিং ৰেঞ্জ এলেকাত হোৱা বেদখল সন্দৰ্ভত চলোৱা এক জৰীপত এলেকাটোত পঞ্চাশ হেক্টৰৰো অধিক মাটি অৰুণাচলীয়ে দখল কৰাৰ তথ্য লাভ কৰিছিল। পিচে সেই সময়ৰ তুলনাত বৰ্তমান বেদখলী ভূমিৰ পৰিমাণ প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। জানিব পৰা মতে, বনাঞ্চলখনত বেদখল ৰোধৰ ক্ষেত্ৰত প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ বাবে বন বিভাগে বায়ুসেনাক সতৰ্ক কৰি আহিছিল যদিও বায়ুসেনাৰ নিষ্ক্রিয় ভূমিকাৰ পৰিণতিতে বৰ্তমান বনাঞ্চলখনৰ বৃহৎ এলেকা অৰুণাচলী লোকৰ দখললৈ গৈছে। গুৰুত্বপূর্ণ কথা হ’ল যে, ফায়াৰিং ৰেঞ্জত অনুশীলনৰ সময়ত লখিমপুৰ জিলা প্ৰশাসনৰ পৰা বায়ুসেনাই আপত্তিবিহীন প্রমাণপত্ৰ লোৱাৰ নিয়ম আছে যদিও অৰুণাচলীৰ বেদখলসত্ত্বেও প্রতিবছৰে কেনেকৈ আপত্তিবিহীন প্রমাণপত্র লাভ কৰি আহিছে সেয়া লখিমপুৰবাসীৰ বাবে এক চিন্তনীয় বিষয়ৰূপেহে পৰিগণিত হৈছে।

0Shares