২০-০৮-২০২৪ তাৰিখ মঙলবাৰে লখিমপুৰৰ অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) শ্ৰীমতি কুকিলা গগৈ আৰু জিলা কৃষি বিষয়া অজিত কুমাৰ বৰাৰ নেতৃত্বত কৃষি বিভাগৰ এটি উচ্চস্তৰীয় দলে বৰ্তমান জিলাখনত চলি থকা কৃষি বিভাগৰ আঁচনিসমূহ কাৰ্যক্ষেত্ৰত কিদৰে ৰূপায়ণ কৰি থকা হৈছে সেই অগ্ৰগতি বুজল’বলৈ বগীনদী কৃষি চক্ৰ আৰু চাবতি কৃষি চক্ৰৰ বহুকেইটা অঞ্চল পৰিদৰ্শন কৰে।
বিশেষকৈ সামূহিক কঁঠিয়াতলি আঁচনিৰ অধীনত বানবিধ্বস্ত কৃষকক প্ৰদান কৰা ৰঞ্জিত চাব-১ সঁচৰ ধান কিদৰে কৰিছে সেয়া তন্ন তন্নকৈ পৰীক্ষা কৰে। চাবতি কৃষি চক্ৰৰ অন্তৰ্গত জৰাধৰা যোৰহটীয়া গাঁৱৰ প্ৰগতিশীল কৃষক হীৰা ভাজনি আৰু অচ্যুত ভাজনিৰ কৃষিপথাৰো পৰিদৰ্শন কৰে উচ্চস্তৰীয় দলটোৱে।
ইয়াৰ পিছতে দলটোৱে বগীনদীস্থিত লেতাইগাঁৱত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান-তৈল খেজুৰৰ অধীনত ১৫ হেক্টৰ মাটিত ৰুপণ কৰা তৈল খেজুৰ পুলি শেহতীয়া স্বাস্থ্যৰ বুজ লয়। ইফালে তৈল খেজুৰৰ সমান্তৰালকৈ একেখিনি মাটিতে আন্তঃশস্য হিচাপে কৰি থকা মাটিমাহ আৰু মগুমাহৰ খেতিৰো অগ্ৰগতি বুজ লয়।
ইয়াৰ উপৰিও অঞ্চলটোৰ প্ৰগতিশীল কৃষক কুমুদ হাজৰিকা, হৰেণ হাজৰিকাৰ লগত আলোচনা কৰি সন্মুখীন হৈ থকা সমস্যাৰ বুজ লোৱাৰ লগতে অনাগত দিনত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
আজিৰ এই পৰিদৰ্শন কালত অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলা কৃষি বিষয়াক সংগ দিয়ে মহকুমা কৃষি বিষয়া মনোৰঞ্জন পাতিৰ, জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়াৰ লগতে বগীনদী আৰু চাবতি কৃষি চক্ৰৰ সংশ্লীষ্ট কৃষি উন্নয়ণ বিষয়াদ্বয়ে।