সম্পৰ্কীয় বাতৰি

ৰাংঢালী মানেই আপোনালোকৰ মনলৈ আহে এজন ব্যক্তি। আৰু তেওঁৱেই হ’ল কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। হয়, ৰাংঢালী মানেই অসমত কৃষ্ণমণি চুতীয়া। আৰম্ভণিৰে পৰা ৰাংঢালীৰ প্ৰতিটো গীতেই হৈ আহিছে চুপাৰ টুপাৰ হিট। সেয়েহে এলবামটোৱে প্ৰতি বছৰে লাভ কৰি আহিছে ৰাইজৰ যথেষ্ট সমাদৰ।

সেইদৰে, এইবাৰো কৃষ্ণমণি চুতীয়াই বিহুপ্ৰেমী ৰাইজলৈ লৈ আহিছে “ৰাংঢালী-২০২৫”। বৰ্তমান কণ্ঠশিল্পী গৰাকী ব্যস্ত এলবামটোৰ সংগীতৰ কামত। সকলো ঠিকেই থাকিলে আগন্তুক নতুন বছৰৰ পূৰ্বেই অসমৰ ৰাইজে শুনিবলৈ পাব “ৰাংঢালী-২০২৫”ৰ গীত।

পিছে এইবাৰৰ “ৰাংঢালী-২০২৫” ৰ বিশেষ হৈছে অতি আকৰ্ষণীয়। মূলতঃ কলেজীয়া শিক্ষাৰ্থী সকলক লৈ সৃষ্টি হৈছে এলবামটোৰ এটা সুন্দৰ গীত। য’ত অসমৰ বিভিন্ন কলেজৰ ডেকা-গাভৰুৰ বিশেষ বৈশিষ্ট্য শুনিবলৈ পোৱা যাব।

0Shares