আপুনি খোৱা খাদ্যৰ হজম হোৱাটো অতি প্ৰয়োজনীয়। যদিহে আপোনাৰ খাদ্য পাকস্থলীত হজম নহয়, তেন্তে এইয়া আপোনাৰ বাবে ৰোগৰ লক্ষণ। পিছে কোনবোৰ সামগ্ৰী হজম হ’বলৈ কিমান সময় লাগে জানেনে? জানি লওক-
ৰন্ধা শাক-পাচলি হজম হ’বলৈ প্ৰয়োজন হয় ৪০ মিনিট সময়ৰ।
মূৰ্গী (Chicken) ৰ মাংস হজমৰ বাবে লাগে ৯০-১২০ মিনিট।
ফল হজম হয় ১৫-২০ মিনিটত।
মাছ হজমৰ বাবে লাগে ৪৫-৬০ মিনিট।
গো-মাংস হজমৰ বাবে লাগে যথেষ্ট সময়। অৰ্থাৎ ১৮০ মিনিট।
সেইদৰে, বাদাম জাতীয় সামগ্ৰী হজমৰ বাবে সময় লাগে ১৮০ মিনিট।
গাখীৰেৰে প্ৰস্তুত কৰা খাদ্য হজমৰ বাবে লয় ১২০ মিনিট।
আলু হজম হয় ৯০-১২০ মিনিটত।
শাক-পাচলি ৩০-৪০ মিনিটত হজম হয়।
পিছে, পানী হজম হ’বলৈ কিমান সময় লাগে জানেনে?পানী হজম হ’বলৈ ১ মিনিটৰো প্ৰয়োজন নহয়। হজম হ’বলৈ লাগে মাত্ৰ ০ মিনিট।