ব্যক্তি জীৱনৰ মূল্যৱান সম্পদটোৱেই হৈছে স্বাস্থ্য। এক সৰ্বাংগসুন্দৰ স্বাস্থ্যৰ অধিকাৰী ব্যক্তিয়ে জীৱনত বহুদূৰ আগুৱাই যাব পাৰে। সু-স্বাস্থ্যই ব্যক্তিৰ জীৱন ধাৰনৰ মানদণ্ড উন্নত কৰাৰ লগতে দৈনন্দিন কাম-কাজৰ বাবে মনোবল বৃদ্ধি কৰে। শাৰীৰিক স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ খাদ্য, ব্যায়াম আৰু টোপনি- এই তিনিটা মূল বিষয়ত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।

ফল-মূল, শাক-পাচলি, গোটা শস্য, চৰ্বিহীন প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ সুষম খাদ্যই আমাৰ শৰীৰে অনুকূলভাৱে কাম কৰিবলৈ প্ৰয়োজনীয় পুষ্টিকৰ উপাদান সমূহ প্ৰদান কৰে। অত্যধিক চেনী, নিমখ , ফাষ্টফুদ খাদ্য পৰিহাৰ কৰিলে মেদবহুলতা, ডায়বেটিছ, হৃদৰোগৰ দৰে বেমাৰসমূহ প্ৰতিৰোধ কৰাত সহায়ক হয়।

স্বাস্থ্য সুস্থভাৱে বৰ্তাই ৰাখিবৰ বাবে নিয়মিত ব্যায়াম অতি প্ৰয়োজনীয়। সহনশীলতা আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ব্যায়ামৰ প্ৰয়োজন বেছি।

সু-স্বাস্থ্যৰ আধিকাৰী হ’বলৈ আন এক প্ৰয়োজনীয় দিশ হ’ল টোপনি। ৰোগ প্ৰতিৰোধৰ ক্ষমতা, জ্ঞানমূলক কাৰ্যক্ষমতা আৰু সামগ্ৰীক সুস্থতাৰ বাবে নিয়মিত ৭-৯ ঘণ্টা টোপনি অহাতো অতি প্ৰয়োজনীয়।

সুষম খাদ্য, নিয়মীয়া ব্যায়াম আৰু পৰ্যাপ্ত টোপনিক আগ্ৰাধিকাৰ দি আমি ভাল শাৰীৰিক তথা মানসিক স্বাস্থ্য বৰ্তাই ৰাখিব পাৰো আৰু এক সজীৱ আৰু সক্ৰিয় জীৱনৰ ভেটি স্থাপন কৰিব পাৰো।

0Shares