উত্তৰ প্ৰদেশৰ ঝাঁসিৰ মহাৰাণী লক্ষ্মীবাঈ মেডিকেল কলেজত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা।

মহাৰাণী লক্ষ্মীবাঈ মেডিকেল কলেজৰ নিউনাটাল ইন্টেনচিভ কেয়াৰ ইউনিট (এনআইচিইউ) ত শুকুৰবাৰে ৰাতি সূত্ৰপাত ঘটে এই ভয়ংকৰ জুইৰ।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ পূৰ্বেই ৱাৰ্ডৰ আইনা ভাঙি ৰোগী উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে। আৰু তাৰ কিছু সময়ৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল।

শুকুৰবাৰে নিশা ১০ বাজি ৩৫ মিনিটত সূত্ৰপাত ঘটে জুইৰ। শিশুৰ দুয়োটা ইউনিটৰ মাজত লাগে জুই। ৩৭ শিশুক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, ১০ শিশুৰ ইতিমধ্যে মৃত্যু ঘটিছে। আনহাতে ১৬ জনে বৰ্তমানেও মৃত্যুৰ সৈতে যুঁজি আছে। চিকিৎসালয়ত কান্দি ভাগি পৰে মৃত শিশুৰ আত্মীয়।

উল্লেখ্য যে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ঘটনাৰ পিছতেই ঝাঁসিলৈ ৰাওনা হয় উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য সচিব।

0Shares