এক অদম্য সংকল্পৰ আখ্যান। ১৪ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ ১৮ বছৰ বয়সত মাতৃত্বৰে সমৃদ্ধ হোৱা এন. অম্বিকাৰ আই. পি. এছ. বিষয়াৰূপে দ্বায়িত্ব পোৱাৰ এক যাত্ৰা।

প্ৰাৰম্ভিক অৱস্থাত আনুষ্ঠানিক শিক্ষা তেওঁৰ আয়ত্তৰ বাহিৰত যেন অনুভূত হৈছিল যদিও আৰক্ষী বিষয়া স্বামীৰ সৈতে তেওঁ প্ৰত্যক্ষ কৰা গণৰাজ্য দিৱসৰ পেৰেডে সকলো সলনি কৰি পেলালে অম্বিকাৰ বাবে। পেৰেডত জ্যেষ্ঠ বিষয়াসকলে লাভ কৰা সন্মান আৰু কৰ্তৃত্বৰ সামগ্ৰিক ছবিখনে তেওঁৰ মনত একধৰণৰ পথ অনুসৰণ কৰাৰ ইচ্ছা জগাই তুলিছিল।

স্কুল এৰি অহা আৰু ঘৰত কণমানি সন্তানৰ মাতৃৰ দায়িত্ব পালন কৰি থকা সত্ত্বেও অম্বিকা দৃঢ়প্ৰতিজ্ঞ আছিল। দশম আৰু দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰি দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে স্নাতক ডিগ্ৰী লাভ কৰি উন্নত প্ৰশিক্ষণৰ বাবে তেওঁ চেন্নাইলৈ যায়। সহমৰ্মী-সহযাত্ৰী স্বামীয়ে সন্তানৰ যত্ন লোৱাৰ ব্যৱস্থা কৰিছিল। যাৰ ফলত অম্বিকাই পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ যথেষ্ট সকাহ পাইছিল।

অৱশেষত তিনিবাৰৰ প্ৰচেষ্টাৰ অন্তত, ২০০৮ চনত অম্বিকাই নিজৰ কঠোৰ অধ্যৱসায়ৰ ফল লাভ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আই. পি. এছ. হিচাপে নিজৰ সপোন পূৰণ কৰিলে অম্বিকাই।

0Shares