মাজুলীৰ বিভিন্ন অঞ্চলৰ কৃষি পথাৰত বৰ্তমান চৰহা পোকৰ আক্ৰমণ কম-বেছি পৰিমাণে অব্যাহত আছে। যি পোকৰ প্ৰধান লক্ষ্য হৈছে শস্য অনিষ্ট সাধন কৰা। এই পোকৰ আক্ৰমণ যাতে তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি, তাৰ বাবে মাজুলী জিলা কৃষি বিভাগে কৃষকসকলক যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই আহিছে।
কৃষকসকলৰ শালি ধানৰ পথাৰত চৰহা পোকৰ আক্ৰমণৰ বাবে শস্য পথাৰ ক্ষতিগ্ৰস্ত তথা অধিক পথাৰলৈ আক্ৰমণ যাতে সম্প্ৰসাৰণ হ’ব নোৱাৰে, তাৰ বাবে জিলা কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষকসকলে যাতে সঠিক সময়ত সঠিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে সজাগতা সভা, ঔষধ বিতৰণ আদিকে ধৰি প্ৰয়োজনীয় সকলো পদক্ষেপ বৰ্তমান জিলা কৃষি বিভাগে হাতত লৈছে।
সেই অনুসৰি, মংগলবাৰে জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজাৰ নেতৃত্বত এটা বিভাগীয় দলে কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত মেখেলী গাঁৱত চৰহা পোকে আক্ৰমণ কৰা শালি ধানৰ পথাৰ পৰিদৰ্শন কৰি স্থানীয় কৃষকসকলৰ সৈতে মত-বিনিময় কৰে। তদুপৰি, উক্ত গাঁৱত “শালি ধানৰ সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা” সন্দৰ্ভতো এখন কৃষক সজাগতা সভা অনুষ্ঠিত কৰা হয়। দলটোত থাকে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকন, কৃষি উন্নয়ন বিষয়া দ্বীপজ্যোতি সৰকাৰ আৰু কৃষি পৰিদৰ্শক দেৱজিৎ বৰা।
তাৰোপৰি শেহতীয়াকৈ মাজুলীৰ তিনিওটা কৃষি চক্ৰ ক্ৰমে- গড়মূৰ, কমলাবাৰী আৰু জেংৰাইৰ বিভিন্ন অঞ্চলত বিভাগৰ উদ্যোগত এই সন্দৰ্ভত কৃষক সজাগতা সভা অনুষ্ঠিত কৰি থকা হৈছে।
উল্লেখ্য যে, চৰহা পোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক কীটনাশক দৰৱ প্ৰয়োগৰ উপৰিও পৰম্পৰাগত পদ্ধতি যেনে- নিম, পচতীয়া, পথৰুৱা বিহলঙনীৰ পাত, ৰবাব টেঙা, ছাগলীৰ বৃষ্ঠা ছতিওৱা, চৰাই পৰিবৰ বাবে জেঙৰ ব্যৱস্থা কৰা, আক্ৰান্ত গছৰ পাতৰ আগ অংশ কটা বা ফালি দিয়া আদি পদ্ধতি প্ৰয়োগেৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়। সেয়েহে কৃষকসকলক চৰহা পোকৰ আক্ৰমণৰ সময়ত এনেধৰণৰ পদ্ধতিসমূহ অৱলম্বন কৰিবলৈও জিলা কৃষি বিভাগে আহ্বান জনাইছে।