লখিমপুৰৰ নকাড়ীৰ ৰেলৱে ক্ৰছিঙত এখন উৰণ সেতু নির্মাণৰ প্ৰসংগত অসন্তুষ্ট হৈ পৰিছে ৰাইজ। সকলোৱে উৰণ সেতুখন নিৰ্মাণত আদৰণি জনালেও নিৰ্মাণৰ ক্ষেত্রত চৰকাৰীভাৱে ভূমিৰ ক্ষতিপুৰণকে ধৰি আন সমস্যাসমূহ উপযুক্তভাৱে সমাধানৰ ব্যৱস্থা নকৰাৰ অভিযোগ তুলি আজি এক প্ৰতিবাদী সভা আয়োজন কৰে।

বৃহত্তৰ নকাড়ী নাগৰিক মঞ্চৰ আহ্বানত নকাড়ীৰ হিল্টন বিবাহ ভৱনত আয়োজন কৰা সভাখনত এই উৰণ সেতুখনৰ নিৰ্মাণৰ প্ৰসংগত চৰকাৰী ব্যবস্থাৱলীৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠে।

বিশ্বজিৎ গগৈয়ে আঁত ধৰা আৰু গিৰিন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লখিমপুৰ সচেতন নাগৰিক সমাজেও সহযোগিতা আগবঢ়ায়। সভাত নাৱাজ আহমেদ বৰবৰুৱাকে ধৰি বিভিন্ন বক্তাই নকাড়ীত উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্রত চৰকাৰী অথবা ৰাজনৈতিক ষড়যন্ত্র থকা বুলি ক্ষোভ প্ৰকাশ কৰে৷

তেওঁ লোকে কয় বিগত সময়ত এই পথটোত যিমান চৰকাৰী মাটি আছিল সেইয়া পৰৱৰ্তী সময়ত পথটো বহল কৰাৰ বাবে কমি গল। কিন্তু এতিয়া চৰকাৰীভাৱে বহল হৈ পৰা পথটোৰ দাতিত পূৰ্বৰ দৰেই চৰকাৰী ভূমি বুলি উল্লেখ কৰিছে৷

আনহাতে উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্রত অধিগ্রহণ কৰা ভূমিৰ উপযুক্ত ক্ষতিপূৰণ দিয়া নাই। ইয়াৰোপৰি এই খন উৰণ সেতু কৰাৰ পৰিৱৰ্তে অভাৰ ব্ৰীজ কৰাৰ হে প্ৰস্তুতি কৰা হৈছে। ৰাইজে কোনো কাৰণতে অভাৰ ব্ৰীজ মানি নলয় বুলি উল্লেখ কৰি অভাৰ ব্ৰীজ ৰ সলনি উৰণ সেতু নির্মাণৰ দাবী জনায়।

এই উৰণ সেতুখন নিৰ্মাণৰ ফলত যিসমূহ সৰু-বৰ ব্যৱসায়ীৰ পেটৰ ভাত নোহোৱা হ’ব। তেওঁলোকৰ পুনৰ সংস্হাপনৰ ব্যৱস্থা কৰাৰো দাবী জনায়। ৰাইজৰ এনে দাবীসমূহ নামানিলে ৰাইজ ন্যায়ালয়ৰ দ্বাৰস্হ হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।

0Shares