শৈলেন বৰুৱা, জ্যেষ্ঠ সাংবাদিক
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱ (NLPC) সমগ্ৰ অসমৰ আটাইতকৈ ডাঙৰ প্ৰেছ ক্লাৱ। NLPC কেৱল আকাৰত ডাঙৰ প্ৰেছ ক্লাৱেই নহয়, কাম-কাজ, হিচাপ পত্ৰবোৰো বিশাল।
মংগলবাৰে NLPCৰ হিচাপ পৰীক্ষা দাখিল হোৱাৰ লগতে নতুন কমিটিয়ে দায়িত্ব গ্ৰহণ কৰে।হিচাপ পৰীক্ষকৰ প্ৰতিবেদন মৰ্মে সম্প্ৰতি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য কোটি টকাৰ ওপৰত। লখিমপুৰ নগৰৰ মাজ মজিয়াত মাত্ৰ ৮ লেচা নিজা ভূমিত G+2 বিল্ডিঙেৰে প্ৰেছ ক্লাৱটো লখিমপুৰীয়া ৰাইজৰ মৰম আৰু নজৰত সু-পৰিকল্পনাৰে চলি আছে। ভূমি আৰু ভৱনৰ মূল্যই ১ কোটি ৩ লাখৰ ওপৰত বুলি অডিট ৰিপৰ্টত প্ৰকাশ পায়।
উল্লেখ্য যে ভূমি মহলাত ক্লাবৰ ৬ টা কোঠা ভাড়া দিয়া আছে আৰু সেয়া ক্লাবৰ এক নিয়মীয়া আয়ৰ উৎস।
বিগত সময়ৰ হিচাপ পত্ৰৰ বাবে দায়ৱদ্ধ আছিল সভাপতি কুমুদ বৰুৱা আৰু সম্পাদক কৰুণা কৃষ্ণ নাথ নেতৃত্বাধীন কাৰ্যনিৰ্বাহক সমিতি। ক্লাবৰ নতুন সমিতিখনৰো নেতৃত্বত আছে এই দুগৰাকী দায়ৱদ্ধ সাংবাদিক।
শৈলেন বৰুৱা/ জ্যেষ্ঠ সাংবাদিক