“আমাক ঘৃণা নালাগে, ভালপোৱা লাগে। আমাৰ ৰাজ্যখনত বহুত সমস্যা আছে। এইবোৰৰ সমাধানৰ বাবে এখন সুস্থিৰ সমাজৰ প্ৰয়োজন। তাৰ বাবে আমি আটায়ে হাতত হাত ধৰি আগ বাঢ়িব লাগিব, ঘৃণাৰে নহয় ভালপোৱাৰে। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্য আৰু আচৰণত যি ঘৃণাৰ ভাৱ ফুটি উঠিছে, সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। এগৰাকী সাংবিধানিক পদবীত থকা ব্যক্তিৰ বাবে এয়া শোভনীয় নহয়।” গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ চেমিনাৰ হলত কালি অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত এই মন্তব্য কৰে প্ৰথিতযশা সাহিত্যিক ডঃ অৰূপা পটংগীয়া কলিতাই।
অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমৰ যুটীয়া উদ্যোগত আয়োজিত ‘সাম্প্ৰদায়িক উচটনিৰ বিৰুদ্ধে ৰাজহুৱা সভা’ শীৰ্ষক এই সভাখনত ভালেসংখ্যক বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুদ্ধিজীৱী, শিল্পী, ৰাজনৈতিক নেতা, যুৱনেতা, ছাত্ৰনেতা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণত গভীৰ উদ্বেগ প্ৰকাশ কৰে।
অসম নাগৰিক সমাজৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত বক্তব্য প্ৰদান কৰা আন ব্যক্তিসকল হ’ল ক্ৰমে গুৱাহাটীৰ প্ৰাক্তন আৰ্চবিশ্বপ থমাছ মেনামপৰমপিল, বৰ্ষীয়ান চলচ্চিত্ৰ আৰু মঞ্চাভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য্য, বিশিষ্ট শিক্ষাবিদ অধ্যাপক আব্দুল মান্নান আৰু প্ৰভাত বৰা, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম নাথ, বিশিষ্ট অধিবক্তা ক্ৰমে হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু শান্তনু বৰঠাকুৰ, নিবন্ধকাৰ লক্ষ্মীনাথ তামুলী, কৎগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, অসম জাতীয় পৰিষদৰ জিয়াউৰ ৰহমান, ৰাইজৰ দলৰ ৰাছেল হুছেইন, চিপিআই(এম)ৰ ভবেন কলিতা, চিপিআই(এম-এল)ৰ পংকজ কুমাৰ দাস, এনচিপিৰ পৰেশ বৰুৱা, যুৱনেতা সুব্ৰত তালুকদাৰ, প্ৰভাত দাস পানিকা, বিৰিঞ্চি বৰা আৰু শিলসাঁকোৰ উচ্ছেদিত নে্ত্ৰী গায়ত্ৰী বড়ীয়ে।
সভাত ভাষণ দি মেনামপৰমপিলে কয়,“ আমাৰ সকলো প্ৰচেষ্টাৰ উদ্দেশ্য হোৱা উচিত সমাজত শান্তি আৰু সুস্থিৰতা প্ৰতিষ্ঠা কৰা। আৰু ধৰ্মীয় সহিষ্ণুতা আৰু সহনশীলতা অবিহনে সমাজত শান্তি প্ৰতিষ্ঠা অসম্ভৱ।” আব্দুল মান্নানে ২০৫০ চনত অসম মুছলমান প্ৰধান ৰাজ্যলৈ পৰিৱৰ্তিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথা যুক্তি সহকাৰে খণ্ডন কৰে।
শান্তনু বৰঠাকুৰে কয়, “অসমৰ সকলো অশান্তিৰ মূল নায়ক হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা। গণতন্ত্ৰক ভাল পোৱা প্ৰতিজন অসমবাসীৰে দায়িত্ব ২০২৬ৰ নিৰ্বাচনত তেওঁক আৰু তেওঁৰ দলক উৎখাত কৰা। সভাত বাকীসকল বক্তাইও সংবিধানৰ নামত শপথ খাই সাংবিধানিক পদবীৰ উলংঘনেৰে ৰাজ্যখনত সাম্প্ৰদায়িক অসূয়া আৰু বিভাজনৰ বীজ সিঁচি সমগ্ৰ পৰিস্থিতি অধিক জটিল কৰি তোলা মুখ্যমন্ত্ৰীৰ আচৰণক তীব্ৰ নিন্দা কৰে আৰু জনসাধাৰণকো এনে সাম্প্ৰদায়িক জালত ভৰি দি উত্তেজিত নহ’বলৈ আহ্বান জনায়। কেবাজনো বক্তাই মুখ্যমন্ত্ৰীৰ এনে আচৰণক মানসিকভাৱে অস্থিৰ আখ্যা দিয়ে আৰু এনে ব্যক্তি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহি থকাৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰে।
এই সন্দৰ্ভত সভাই ৰাজ্যখনৰ ১৮টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে বিজেপিৰ সাম্প্ৰদায়িক আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে চলাই থকা কাৰ্য্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনায়।সভাই শেহতীয়াকৈ ৰাজ্যখনত ঘটা ধৰ্ষণৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰে আৰু ধৰ্ষণকাৰীক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ কিন্তু অপৰাধীক অপৰাধী হিচাপে গণ্য কৰাৰ সলনি তাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ প্ৰৱণতাৰ তীব্ৰ গৰিহণা দিয়ে৷ এই উগ্ৰ জাতীয়তাবাদী দম্ভ অসমৰ বৃহত্তৰ সমাজখনৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি মত পোষণ কৰে৷
সভাত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান অসমৰ আগন্তুক দিনৰ প্ৰস্তাৱিত কাৰ্য্যসূচীৰ বিষয়েও সাধাৰণ সম্পাদক পৰেশ মালাকাৰে উল্লেখ কৰে৷