অসম, ভাৰত তথা বিশ্বৰে এক চিনাকি নাম প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ। সদায় মুখত এটা হাঁহি লৈ ৰসিকতাপূৰ্ণ কথাৰে সকলোৰে মাজত আপোন আপোন যেন লগা ভাৱেৰে থকা ব্যক্তি তৰুণ গগৈ। বৰ্তমানলৈকে অসমৰ ৰাজনীতিত একেৰাহে সৰ্বাধিক কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীত্বৰ ৰেকৰ্ড গঢ়ে তেওঁ। সৰ্বমুঠ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী হয় তেওঁ। তৰুণ গগৈৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ এপ্ৰিলত ৰঙাজান চাহ বাগিচাত। তেওঁ প্ৰথমতে এজন উকীল আছিল। তাৰ পিছতেই তেওঁ ভৰি দিয়ে ৰাজনীতিৰ পথাৰত। তেওঁ ১৯৬৮ চনত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে যোৰহাটৰ পৌৰসভাৰ এজন সদস্য হিচাপে। ১৯৭১ চনত তেওঁ যোৰহাটৰ পৰা লোকসভাৰ সাংসদ নিৰ্বাচিত হয়। দুবাৰৰ বাবে তেওঁ সাংসদ হয়। কলিয়াবৰ সমষ্টিৰ পৰা তেওঁ তিনিবাৰ সাংসদ নিৰ্বাচিত হয়। মুঠ ৬ টা কাৰ্যকালৰ সাংসদ হয় তেওঁ। লগতে পি ভি নৰসিংহ চৰকাৰৰ দিনত ১৯৯৩-৯৫ লৈকে খাদ্য সংসাধন উদ্যোগৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীও হয় তৰুণ গগৈ।২০০১ চনত তেওঁ অগপ চৰকাৰ পতন ঘটাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। আৰু ২০১৬ লৈকে একেৰাহে তিনিবাৰৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়। বৰ্তমানলৈকে সৰ্বাধিক কাৰ্যকালৰ মুখ্যমন্ত্ৰী হয় তৰুণ গগৈ। তেখেতৰ কাৰ্যকালৰ অতিকে উল্লেখনীয় অৱদান হ’ল তেখেতৰ নেতৃত্বত হিংসাজৰ্জৰ অসমত সম্পূৰ্ণৰূপে হ্ৰাস পাই সন্ত্ৰাসবাদী কাৰ্যকলাপ। আলফা সমস্যা সমাধানৰ মজিয়ালৈ আহে। লগতে দীৰ্ঘ সময়ৰ পিছত ৰাজ্যৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু হিংসা মুক্ত ৰাজ্য হৈ পৰে অসম। তাৰোপৰি, তেখেতৰ কাৰ্যকালত অসমত অৰ্থনীতিৰ উত্তৰণৰ জৰিয়তে গ্ৰাম্য উন্নয়নৰ পথ প্ৰশস্ত হয়।অতি উল্লেখনীয় কথাটো হ’ল তেখেতৰ দিনতেই অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) ৰ কাৰ্য প্ৰণালী আৰম্ভ হয়।তেওঁ ২০২০ চনলৈ অৰ্থাৎ তেখেতৰ মৃত্যুলৈকে তিতাবৰৰ বিধায়ক হৈ থাকে। অৱশ্যে ১৯৯৬-৯৮ লৈকে তেওঁ মাৰ্ঘেৰিটাৰ বিধায়ক হৈ থাকে। ২০২১ চনত তেওঁ মৰণোত্তৰভাৱে দেশৰ তৃতীয় অসামৰিক সন্মান পদ্ম ভূষণ বঁটা লাভ কৰে।তেখেতৰ পৰিয়ালত আছে পত্নী ডলী গগৈ, পুত্ৰ গৌৰৱ গগৈ, যি এতিয়া লোকসভাৰ সাংসদ আৰু আছে এগৰাকী কন্যা।