সম্পৰ্কীয় বাতৰি

ৰাজ্যৰ লক্ষ লক্ষ হিতাধিকাৰীয়ে এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিবলৈ চিকিৎসা কৰিব লাগিব চৰকাৰী চিকিৎসালয়ত। বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰা কোনোৱে এতিয়াৰে পৰা লাভ নকৰিব এই আঁচনিৰ অধীনৰ সুবিধা। এই ঘোষণা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীয়ে যুক্তিসহ কয় যে, “বেচৰকাৰী চিকিৎসালয়ত আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। চৰকাৰী আঁচনিৰ সুবিধা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কিয় ল’ব?”মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

বহুতেই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণীয় বুলি কোৱাৰ বিপৰীতে বহুতেই কৈছে- যদিহে এই আঁচনিৰ অধীনৰ সুবিধা বেচৰকাৰী চিকিৎসালয়ত প্ৰযোজ্য নহয়, তেন্তে চৰকাৰী আমোলা-মন্ত্ৰী-বিধায়কে বেচৰকাৰী চিকিৎসালয়ত কৰা চিকিৎসা ব্যয় চৰকাৰে বহন কৰাটো কিমান যুক্তিসংগত? যিহেতু সেইসকলৰ চিকিৎসাৰ নামতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰাজকোষৰ পৰা বছৰি দিয়া হয় লক্ষ লক্ষ টকা। সেয়েহে তেনে আঁচনিও এতিয়া বন্ধ কৰিব লাগে বুলি দাবী কৰিছে বহুতে।অৱশ্যে এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেইয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয়।

0Shares