ৰাজ্যবাসীৰ বাবে ঐতিহাসিক ক্ষণ। চৰাইদেউ মৈদামে লাভ কৰিলে UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি।”Cultural Property” হিচাপে চৰাইদেউ মৈদামে লাভ কৰিলে এই স্বীকৃতি। শুকুৰবাৰে নতুন দিল্লীত ইউনেস্ক’ৰ বিষয়ববীয়াই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে।
আৰু ইয়াৰ লগে লগে ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। কাজিৰঙা, মানাহৰ পিছত চৰাইদেউ মৈদামে পালে এই বিৰল স্বীকৃতি। অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে আজিৰ এই ঘোষণাৰ কথা আনুষ্ঠানিক ভাবে ৰাজহুৱা কৰিছিল।