শেহতীয়াকৈ টংলাত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। নিখোজ হৈ থকা টংলাৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত দুই কণমানি ক্ৰমে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ মৃতদেহ স্কুলৰ ইউনিফৰ্ম পৰিহিত অৱস্থাত উদ্ধাৰ হয় এখন হাবিত। এই ঘটনাই এতিয়া সৰ্বত্ৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ। দাবী উঠিছে দোষীক কঠোৰ শাস্তি প্ৰদানৰ।
তেনে সময়তে কিন্তু আৰক্ষীৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বৰুৱাই। প্ৰাক্তন আই পি এছ বিষয়া গৰাকীয়ে ফেচবুকযোগে আৰক্ষীক কৰিছে সমালোচনা। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যেনেদৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, সেই ক্ষেত্ৰত যেন আৰক্ষীয়ে লেহেমীয়া কৰিলে অনুসন্ধান প্ৰক্ৰিয়া। এইয়া অসম আৰক্ষীৰ ব্যৰ্থতা বুলি অভিযোগ কৰিছে বিষয়া গৰাকীয়ে।
তেওঁ দুখ প্ৰকাশৰ লগতে সমবেদনা জ্ঞাপন কৰি কয় যে, “শিশু এটি নিঃখোজ হ’লে আৰক্ষীয়ে লগে লগেই কেচ পঞ্জীয়ন কৰি অতি ক্ষিপ্ৰতাৰে জ্যেষ্ঠ বিষয়াৰ তদাৰকত তদন্ত আৰম্ভ কৰিব লাগে। অলপো সময় নষ্ট নকৰি যথাবিহীত সকলো ব্যৱস্থা হাতত ল’ব লাগে, যাতে নিৰুদ্দিষ্ট শিশুটিক কোনো প্ৰকাৰৰ অনিষ্ট নোহোৱাকৈ অতি সোনকালে উদ্ধাৰ কৰিব পৰা যায়। ইয়াৰ বাবে সুনিৰ্দিষ্ট নীতি-নিৰ্দেশনা মহামান্য উচ্চতম ন্যায়ালয়ে জাৰি কৰি থৈছে। কিন্তু দুৰ্ভগীয়া এই কণমানি দুটিক আৰক্ষীয়ে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰাটো আৰক্ষীৰ চৰম ব্যৰ্থতা মাত্ৰ।”
তেওঁ লগতে আৰক্ষীক অনুৰোধ জনায় কয়, “এতিয়া আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াই আদালতত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক। শিশু অপৰাধ ৰোধ কৰিবলৈ তেনে ধৰণৰ সকলোবোৰ কেচ যাতে জ্যেষ্ঠ বিষয়াৰ তদাৰকত তদন্ত কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ (top priority) হিচাবে গণ্য কৰি কাম কৰক।”
অৱশ্যে এতিয়া দোষীয়ে শাস্তি পাবনে? এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবঢ়াই, সেয়াহে হ’ব লক্ষণীয়।