এতিয়াৰ পৰা চিনেমা চাবলৈ ধেমাজিত চলচ্চিত্ৰপ্ৰেমী যাব নালাগে ডিব্ৰুগড় অথবা লখিমপুৰলৈ। একেদিনাই জিলাখনত মুকলি কৰা হ’ল দুটাকৈ উন্নত মানৰ চিনেমাগৃহ। জিলাখনৰ সদৰৰ চাৰিআলিত “ধেমাজি চিনেমা এণ্ড কেফে“ আৰু ভদ্ৰপাৰাত আৰ আৰ চিনেমা নামৰ উন্নত মানদণ্ডৰ এটা ডিজিটেল হল মুকলি কৰা হ’ল। আৰু আৰম্ভণিৰ দিনটোতে বিদুৰভাই চাবলৈ ভিৰ কৰে দৰ্শকে।

ইফালে ভদ্ৰপাৰাত নিৰ্মাণ কৰা আনটো চিনেমা হ’ল “ আৰ আৰ চিনেমা “ বৃহস্পতিবাৰে সন্ধিয়া আনুষ্ঠানিক ভাৱে জিলা আয়ুক্তই মুকলি কৰিব৷ এই অত্যাধুনিক সুবিধা যুক্ত হ’লটোৰ আসনৰ সংখা হৈছে ১৮০ খন। এই ছৱি গৃহতো “ বিদুৰভাই“ চাবৰ বাবে তিনিটা দিনৰ বাবে ইতিমধ্যে বুকিং হৈছে।

0Shares