ব্ৰিটিছ অসমৰ প্ৰথম ৰে’ল প্ৰতিষ্ঠান ডিব্ৰু-শদিয়া ৰে’লৱে, চমুকৈ DSR (Dibru Sadiya Railway)।
মূলত: চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহণৰ উদ্দ্যেশে এই মিটাৰগজ ৰে’লপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা “আসাম ৰে’লৱে এণ্ড ট্ৰেডিং কোম্পানী”য়ে নিৰ্মাণ কৰিছিল।
ডিব্ৰু-শদিয়া ৰে’লপথত ১৮৮২ চনৰ ১ মে’ত ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰে’ল চলে। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰে’লৰ চলাচল আৰম্ভ হয়। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰে’লপথ (DSR) নিৰ্মাণ কৰা হয়, আৰু “তিনিকোণীয়া পুখুৰী”ৰ ওচৰত এটা ষ্টেচন স্থাপন কৰি নামাকৰণ কৰা হয় তিনিচুকীয়া বুলি।
১৯০৩ চনৰ ১ মাৰ্চত তিনিচুকীয়া চহৰত ডিব্ৰু-শদিয়া ৰে’লৱে অসম বংগ ৰে’লৱে (এ.বি.আৰ.)ৰ সৈতে সংযুক্ত হৈছিল, যি পিছলৈ ১৯৫২ চনত উত্তৰ-পূব ৰে’লৱে জ’নৰ সৈতে একত্ৰিত হয়।
১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পত ডাঙৰী আৰু চৈখোৱাঘাটৰ মাজৰ ৰে’লপথৰ বিস্তৰ ক্ষতি হয়, যাৰবাবে ডাঙৰী ষ্টেচনৰ পৰা চৈখোৱাঘাটলৈ ৰে’লপথটো বন্ধ কৰি দিয়া হয়।
এসময়ত তিনিচুকীয়া-ডাঙৰী শাখাটো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা বন্ধ কৰি দিয়াৰ যো-জা চলিছিল যদিও ৰাইজৰ প্ৰবল দাবীত নব্বৈৰ দশকৰ শেষৰ ফালে এই ৰে’লৱে নেটৱৰ্ক ব্ৰডগ্ৰজলৈ ৰূপান্তৰিত কৰা হয়।