সম্পৰ্কীয় বাতৰি

২০২৫ত চৰকাৰী বন্ধ ৩৬টা, আলি-আয়ে-লৃগাঙৰ বন্ধ প্ৰযোজ্য হ’ব ১১খন জিলাত

মঙলবাৰে সম্পন্ন হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত।

মঙলবাৰে অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰে।

বৈঠকত ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হয়। অহাবৰ্ষত ৩৬ টা দিন বন্ধ থাকিব আৰু তাত নতুনকৈ ৭টা সংৰক্ষিত বন্ধ সংযোজন কৰা হৈছে। আলি-আয়ে-লৃগাঙৰ দিনটোত ৰাজ্যৰ ১১খন জিলাত চৰকাৰী বন্ধ প্ৰযোজ্য হ’ব।

আনহাতে আজিৰ এই কেবিনেট বৈঠকতে হোজাই জিলাৰ সদৰৰ নাম সলনি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। হোজাই জিলাৰ সদৰৰ নতুন নাম হ’ব শ্ৰীমন্ত শংকৰদেৱ নগৰ।

0Shares