শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত সংঘটিত হৈছিল এক আৰক্ষীয়ে দেলিভাৰী বয়ক মাৰপিটৰ ঘটনা। পাণবজাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই বেয়াকৈ প্ৰহাৰ কৰিছিল কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক। আৰু তাৰ পিছতেই সেই কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ অত্যাচাৰৰ বলি হোৱা কটনিয়ান জ্ঞানদীপ হাজৰিকাৰ মাতৃয়ে এই সন্দৰ্ভত শেহতীয়াকৈ খুলিছে মুখ।

জ্ঞানদীপৰ মাতৃ বেবী হাজৰিকাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, জ্ঞানদীপৰ লগৰ বন্ধুৱে খবৰ দিছিল মাতৃক। বন্ধুৱেহে জ্ঞানদীপে পাৰ্ট টাইম কাম কৰাৰ কথা জনাইছিল মাতৃক।

তেজপুৰৰ জ্ঞানদীপ হাজৰিকাই অধ্যয়নৰ লগতে ফুড ডেলিভাৰী কৰি পৰিয়াল পোহপাল দিছিল। জ্ঞানদীপক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাত ব্যথিত হৈছে মাতৃ।

জ্ঞানদীপৰ মাতৃয়ে লগতে জনায় যে, জ্ঞানদীপক মাতৃয়ে ৰূমৰ ভাৰাটো আৰু পঢ়া খৰচটোহে দিয়ে। সেয়েহে চাগে গুৱাহাটীত পকেট খৰচ উলিয়াবলৈ ডেলিভাৰীৰ কাম কৰিছিল তেওঁ। তেওঁৰ এগৰাকী ভগ্নীও আছে। দায়িত্ব বুজি তেওঁ ঘৰত নোকোৱাকৈয়ে গুৱাহাটীত পাৰ্ট টাইম কাম কৰি আছে।

আৰক্ষী বিষয়াজনে প্ৰহাৰ কৰা সন্দৰ্ভত মাতৃয়ে কয়, আৰক্ষীয়ে তাক মাৰিব নালাগিছিল। মাৰধৰ কৰাৰ অধিকাৰ আৰক্ষীৰ নাই। কিবা ভুল কৰিছে যদি আইনীভাৱে ব্যৱস্থা ল’ব লাগিছিল। কিন্তু এনেকৈ মাৰধৰ কৰাটো উচিত হোৱা নাই। আৰক্ষী বিষয়াগৰাকীয়ে বেয়া কাম কৰিছে। আন কাৰো লগত এনে নহওক।’

উল্লেখযোগ্য যে, জ্ঞানদীপৰ পিতৃও আছিল অসম আৰক্ষীৰে এগৰাকী কৰ্মচাৰী। ২০১১ চনত মৃত্যু হৈছিল জ্ঞানদীপৰ পিতৃৰ। তেতিয়া জ্ঞানদীপ পঞ্চম শ্ৰেণীত অধ্যয়নৰত আছিল। মাতৃয়ে অকলে ডাঙৰ-দীঘল কৰিছিল জ্ঞানদীপক। বৰ্তমান অসম আৰক্ষীতে কৰ্মৰত জ্ঞানদীপৰ মাতৃও। চাৰি বছৰ পূৰ্বে মাতৃয়ে লাভ কৰিছিল চাকৰি।

0Shares