আপোনাৰ নিশ্চয় মনত আছে চুমি আৰু তাৰ্কিকৰ বিলাসী বিয়াৰ কথা। ৰাজস্থানত কৰিছিল বিলাসী “Destination Wedding”।
“Destination Wedding” কৰি বিপদত পৰিল অভিনেত্ৰী চুমী বৰা আৰু স্বামী তাৰ্কিক। প্ৰৱঞ্চক বিশাল ফুকনৰ লগত চুমী বৰাৰ বিয়াৰ সংযোগৰ প্ৰমাণ পাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমিৰ লগতে তাৰ্কিকক।
ট্ৰেডিং কেলেংকাৰীত নাম সাঙুৰ খাইছিল তেওঁলোকৰ।
মনত আছেনে চুমীৰ সেই বিয়াখন?
ৰাজস্থানত পতা ডেষ্টিনেচন ৱেডিঙত পানীৰ দৰে টকা খৰচ কৰিছিল বিশাল ফুকনে।
ডুবাইত লাখ লাখ টকাৰে বুক কৰিছিল বিলাসী হোটেল। বিয়াত খৰচ কৰিছিল প্ৰায় ১ কোটি টকা!
ফলত বিশাল গ্ৰেপ্তাৰ হোৱাৰ পিছতেই নিজৰ বিবাহৰ এবছৰ নহওঁতেওঁ গ্ৰেপ্তাৰ হৈছিল নৱ দম্পতী। আজি তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকী।
পিছে ৰাজস্থানত বিলাসী ডেষ্টিনেচন ৱেডিং কৰা চুমি-তাৰ্কিকৰ কাৰাগাৰতে হ’ল প্ৰথম বিবাহ বাৰ্ষিকী।