সম্পৰ্কীয় বাতৰি

খাই পাত ফলা বাংলাদেশ! যিখন ভাৰতে দিলে স্বাধীনতা, সেই দেশকেই এতিয়া অনাদৰ কৰিছে দেশখনৰ চৰকাৰে।

বাংলাদেশৰ এতিয়া প্ৰধান মিত্ৰ পাকিস্তান আৰু চীন! ক্ৰমান্বয়ে ইছলামিক মৌলবাদীৰ দেশ হোৱাৰ দিশে বাংলাদেশ। মহম্মদ ইউনুছ বাংলাদেশৰ মুখ্য উপদেষ্টা হোৱাৰ পাছৰে পৰা দেশখনত ভাৰত বিৰোধী চিন্তা চৰ্চা বৃদ্ধি পাইছে। এইবাৰ দেশখনৰ কেইজনমান প্ৰাক্তন সেনাৰ মুৰব্বীয়ে ভাৰতৰ বিৰুদ্ধে বাংলাদেশ যুদ্ধলৈ সাজু বুলি মুকলিকৈ ঘোষণা কৰিছে। আনকি যিকোনো মূহুৰ্তত কলিকতা, অসম, ত্ৰিপুৰা বাংলাদেশে দখল কৰিব বুলিও দাংকোপ মাৰিছে।

ইফালে ভাৰতৰ পৰা আলু ক্ৰয় নকৰাৰো সিদ্ধান্ত লৈছে বাংলাদেশে। তাৰ পৰিৱৰ্তে বাংলাদেশে এই আলু ক্ৰয় কৰিব চীনৰ পৰা। চীনৰ বাহিৰেও প্ৰস্তাৱটোত নাম থকা তিনিখন দেশ হৈছে জাৰ্মানী, ইজিপ্ত আৰু স্পেইন।

পিছে কিয় ইমান উত্তেজনাপূৰ্ণ হৈছে ভাৰত- বাংলাদেশৰ সম্পৰ্ক?

১. বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তন

২০২৪ চনৰ আগষ্টত শেখ হাছিনাৰ পদত্যাগৰ ফলত দেশত ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিতি অস্থিৰ হৈ পৰিছে। হাছিনা ভাৰতৰ এগৰাকী বিশ্বস্ত মিত্ৰ আছিল আৰু তেওঁৰ শাসনৰ সময়ত দুয়ো দেশৰ মধ্যে সুৰক্ষা আৰু বাণিজ্যিক সহযোগিতা বাঢ়িছিল। তেওঁ পদত্যাগ কৰাৰ পাছত বাংলাদেশত ভাৰত-বিৰোধী মনোভাৱ বৃদ্ধি পাইছে, বিশেষকৈ ইছলামপন্থী শক্তিসমূহৰ উত্থানৰ সম্ভাৱনাই ভয় দেখুৱাইছে।

সীমান্ত উত্তেজনা

সীমান্ত সমস্যা সদায়েই এক স্পৰ্শকাতৰ বিষয়। বাংলাদেশৰ সীমান্ত ৰক্ষী বাহিনীৰ বিতৰ্কিত মনোভাৱ আৰু ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ নীতি এই মূহুৰ্তত চৰ্চাত আছে। পানী আৱন্টন আৰু সীমান্তৰ বানপানীৰ বিষয়সমূহও দুয়ো দেশৰ মাজত সমস্যা সৃষ্টি কৰিছ।

বাণিজ্য আৰু অৰ্থনৈতিক প্ৰভাৱ

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ ফলত দুখন দেশৰ মাজত ১৩ বিলিয়নৰ বাণিজ্য ক্ষতিগ্ৰস্ত হৈছে। বাংলাদেশৰ বস্ত্ৰশিল্পৰ সমস্যা ভাৰতৰ বাবে নতুন বাণিজ্যৰ সুযোগ সৃষ্টি কৰিছে।

ভাৰত-বিৰোধী মনোভাৱৰ বৃদ্ধি

শেখ হাছিনাৰ প্ৰতি ভাৰতৰ সমৰ্থনে মানি ল’ব নোখোজে বাংলাদেশৰ চৰকাৰে। আনকি বাংলাদেশত হিন্দু লোকক আক্ৰমন, মন্দিৰ ধ্বংস, পাকিস্তানৰ সৈতে মিতিৰালি দিনক দিনে বৃদ্ধি পাইছে।

যদিও বাংলাদেশে ভাৰতক যুদ্ধৰ ভয় দেখুৱাইছে কিন্তু প্ৰকৃততে ভাৰত বাংলাদেশতকৈ কিমান শক্তিশালী জানো আহক:

অৰ্থনৈতিক দিশত যদি ভাৰত আৰু বাংলাদেশৰ মাজত তুলনা কৰিবলৈ যাও তেন্তে দেখিম যে,

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন প্ৰায় $৩.৭৪ ট্ৰিলিয়ন।ভাৰতবৰ্ষ হ’ল বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতি টেকন’লজি, IT, আৰু উৎপাদন ক্ষেত্ৰটো স্থান অতি উন্নত মানৰ। আনহাতে বাংলাদেশৰ মুঠ ঘৰুৱা উৎপাদন প্ৰায় $৪৮০ বিলিয়ন। গাৰ্মেণ্টৰ ৰপ্তানিৰ ক্ষেত্ৰতহে দেশখন আগবঢ়া।

সামৰিক দিশত

ভাৰত হ’ল বিশ্বৰ চতুৰ্থ শক্তিশালী সামৰিক বাহিনীৰ দেশ। তাৰ বিপৰীতে গ্ল’বেল ফায়াৰ পাৱাৰ ২০২৪ৰ প্ৰতিবেদন অনুসৰি বাংলাদেশৰ সামৰিক শক্তিৰ ক্ষেত্ৰত ৰেংক হৈছে ৩৭ নম্বৰ।

সেইদৰে বায়ু সেনাৰ ফালৰ পৰা ভাৰতৰ মুঠ ২,২৯৬খন বিমান আছে। তাৰে যুদ্ধবিমানৰ সংখ্যা হৈছে ৬০৬খন।এতিয়া ভাৰতৰ হাতত আছে ৰাফেল, তেজছ, ছুখয় SU-30MKI, মিৰেজ 2000 আদি যুদ্ধ বিমান। যুঁজাৰু বিমান আৰু হেলিকপ্টাৰৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে।

২০১৯ চনত ভাৰতৰ বালাকোটত বিমান আক্ৰমণত ব্যৱহাৰ কৰা হৈছিল মিৰাজ যুদ্ধ বিমান। সেই সময়ত ৰাফেল ভাৰতৰ হাতত নাছিল। এতিয়া ৩৬খন ৰাফেল যুদ্ধ বিমান আছে।

কিন্তু তাৰ পৰিৱৰ্তে বাংলাদেশৰ মুঠ ২১৬খন বিমান আছে। ইয়াৰে ৪৪খন যুদ্ধ বিমান। ৭৩খন হেলিকপ্টাৰ। মুঠ বিমানৰ ক্ষেত্ৰত বাংলাদেশৰ স্থান ৪৬, যুদ্ধ বিমানৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ৩৯ আৰু হেলিকপ্টাৰৰ ক্ষেত্ৰত ৪৯ নম্বৰ।

স্থলসেনাৰ দিশৰ পৰা যদি দুয়োখন দেশক তুলনা কৰিবলৈ যোৱা হয় তেন্তে আমি দেখিম যে, ভাৰতৰ আছে ৪,৬১৪ খন টেংক। ৰকেট আৰ্টিলাৰীৰ সংখ্যা ৭০২টা। ১,৫১,২৪৮খন বাহন। স্বয়ংচালিত আৰ্টিলাৰীৰ সংখ্যা ১৪০ টা। ভাৰতত আছে টি-৯০, ভীষ্মৰ দৰে শক্তিশালী টেংক। বাংলাদেশৰ আছে ৩২০খন টেংক। বাহনৰ সংখ্যা হৈছে ১৩,১০০খন। ২৭টা স্বয়ংচালিত আৰ্টিলাৰী। ৰকেট আৰ্টিলাৰীৰ সংখ্যা ৭১টা।

কূটনৈতিক শক্তি

ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘ, BRICS, G20, আৰু SCOৰ গুৰুত্বপূর্ণ সদস্য। সেইদৰে দক্ষিণ এছিয়াৰে এক বৃহৎ শক্তি। আনহাতে বাংলাদেশ দক্ষিণ এছিয়াৰ Belt and Road Initiativeৰ অংশহে মাথোঁ।

0Shares