আপোনাৰ নিশ্চয় কৈ চাহ প্ৰিয় পানীয়। দিনটোত কমেও একাপ বা দুকাপ চাহ আপোনাক লাগেই। সেয়েহে চাহ প্ৰতিগৰাকী অসমীয়া বা ভাৰতীয়ৰ বাবে এক প্ৰকাৰৰ নিচা। এক কথাত আপুনিও এজন চাহ প্ৰেমী ব্যক্তি।
আপোনাৰ দৰে চাহ প্ৰেমীৰ বাবে আহিছে এক ভাল খবৰ।চাহলৈ এতিয়া প্ৰদান কৰা হৈছে ‘স্বাস্থ্যকৰ’ পানীয়ৰ স্বীকৃতি। এই স্বীকৃতি প্ৰদান কৰিছে আমেৰিকাই। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (US FDA) কেমেলিয়া চাইনেন্সিছৰ পৰা তৈয়াৰী চাহক স্বাস্থ্যসন্মত পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
এই স্বীকৃতিত সন্তুষ্টি প্ৰকাশ কৰিছে উত্তৰ-পূব চাহ সন্থা চমুকৈ NETA আৰু ভাৰতীয় চাহ সন্থাই। বহুতেই এই ঐতিহাসিক স্বীকৃতি বিশ্ব চাহ উদ্যোগৰ বাবে ভাল খবৰ বুলি অভিহিত কৰাৰ লগতে চাহৰ স্বাস্থ্য উপকাৰিতাৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা হোৱা বুলি কয়। তাৰোপৰি, ভাৰতীয় চাহ সন্থাই চৰকাৰে চাহক সুস্থতা আৰু জীৱনশৈলীৰ পানীয় হিচাপে প্ৰচাৰ কৰিব লাগে বুলিও জানিবলৈ দিয়ে।
উল্লেখ্য যে, আমেৰিকাৰ সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে এই ‘স্বাস্থ্যকৰ’ দাবী কেমোমিল, পদিনা, আদা, হিবিস্কাছ, বা মছলা চাহকে ধৰি অন্যান্য উদ্ভিদৰ পৰা তৈয়াৰী বনৌষধি চাহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।