চুবুৰীয়া দেশ বাংলাদেশত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। দেশ এৰি পলায়ন কৰিলে অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। এদিন বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ নেতৃত্বত গঠন হৈছিল নতুন বাংলাদেশৰ। এই শ্বেখ মজিবুৰ ৰহমানৰ কন্যা শ্বেখ হাছিনাই দীৰ্ঘকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত অতি প্ৰতিকূল পৰিস্থিতিত স্বদেশৰ পৰা পলাব লগা হ’ল। সেই বাংলাদেশৰ হিৰো বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ কন্যাৰ দেশৰ বাবেই আজি খলনায়িকা হ’ল।

পূব পাকিস্তান এদিন স্বাধীন হৈ বাংলাদেশৰ জন্ম হৈছিল। কিন্তু আততায়ীয়ে হত্যা কৰিছিল শ্বেখ মজিবুৰ ৰহমানক। সেই সময়ত শ্বেখ হাছিনা আছিল ২৮ বছৰীয়া যুৱতী। পিতৃক হত্যা কৰাৰ পিছত ১৯৭৩ চনৰ পৰা ৮০ চনলৈ দেশৰ পৰা আঁতৰত আছিল হাছিনা। নিৰ্বাসনৰ পৰা গৈ দেশত পুনৰ পিতৃৰ দল আৱামী লীগৰ নেতৃত্ব লয় আৰু ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয়। পিছত ক্ষমতাৰ পৰা বিতাড়িত হ’লেও পুনৰ ক্ষমতালৈ আহে। ১৫ বছৰ ধৰি পদত্যাগৰ আগমুহূৰ্তলৈ প্ৰধানমন্ত্ৰীৰ পদত আছিল শ্বেখ হাছিনা। কিন্তু শেষৰ কাৰ্যকালত ন্যায় পালিকাৰে আৰম্ভ হয় সংঘাত।


যোৱা ১৬ জুলাইৰ পৰা আৰম্ভ হোৱা কোটা সংৰক্ষণ আন্দোলনে ভয়াৱহ ৰূপ লয়। ডেৰ শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ পিছত প্ৰতিবাদকাৰীৰ দাবী উচ্চতম ন্যায়ালয়ে মানি লয় যদিও আন্দোলনৰ শাম নাকাটে। ডেৰ শতাধিক নিহতৰ পৰিয়ালক ন্যায়ৰ দাবীত শনিবাৰৰ পৰা পুনৰ বাংলাদেশত বিধ্বংসী প্ৰতিবাদ চলে। দেওবাৰে শতাধিক লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ মাজতে সেনাপ্ৰধানে ইংগিত দিছে বাংলাদেশত সামৰিক অভ্যুত্থানৰ।

সোমবাৰে নাটকীয় পৰিৱৰ্তন হ’ল বাংলাদেশত। পদত্যাগ কৰিবলৈ বাধ্য হ’ল শ্বেখ হাছিনা। আশ্চৰ্যকৰ কথাটো হ’ল ছমাহৰ পূৰ্বে ৯৮ শতাংশ ভোট লাভ কৰি শ্বেখ হাছিনা পুনৰ ক্ষমতালৈ আহিছিল। বিৰোধীয়ে গণতন্ত্ৰ হত্যা কৰাৰ অভিযোগত বয়কট কৰিছে নিৰ্বাচন। কিন্তু ছমাহৰ পিছতে ওলট-পালত হৈ গ’ল সকলো। ৪৯ বছৰৰ পূৰ্বে ৩২ নম্বৰ ধানমণ্ডীৰ যি বাসগৃহত শ্বেখ মজিবুৰ ৰহমানক হত্যা কৰা হৈছিল সেই ঘৰ এই বিক্ষোভত জ্বলি ছাৰখাৰ হৈ গ’ল। বাংলাদেশৰ জন্ম দিয়া নায়কো অপমানিত হ’ল। মজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিত কুঠাৰঘাত পৰিল। বাংলাদেশৰ বুদ্ধিজীৱীয়ে মন্তব্য কৰিছে শ্ৰীলংকা, টিউনিছিয়া, ইজিপ্ত আদি দেশৰ পৰা একো নিশিকিলে শ্বেখ হাছিনাই। যাৰ বাবে গণতন্ত্ৰ ধ্বংস কৰা শ্বেখ হাছিনাই দেশ এৰি পলাব লগা হ’ল। এই বিক্ষোভত প্ৰাণ হেৰুৱালে ৩ শতাধিক লোকে। আহত হ’ল হাজাৰ হাজাৰ লোক। এতিয়া বিক্ষোভকাৰীয়ে বাংলাদেশত শ্বেখ হাছিনাৰ চিন মোকাম নোহোৱা কৰিব বিচাৰিছে।


এয়াই আজিৰ বাংলাদেশ। সেনাৰ মুখলৈ চাইছে জনতাই। এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আটাইতকৈ চৰ্চাৰ বিষয়টো হৈছে কি হ’ব বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভৱিষ্যৎ? শ্বেখ হাছিনাৰ পুত্ৰ ছাজিদ ৱাজিদ জয়ে সংবাদ মাধ্যমৰ সমুখত সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে, শ্বেখ হাছিনা অত্যন্ত হতাশ। হাছিনাই ৰাজনীতিলৈ আৰু ঘূৰি নাহে। দেওবাৰে হেনো পদত্যাগৰ কথা ভাবিছিল শ্বেখ হাছিনাই। বাংলাদেশৰ বাবে বহু ত্যাগ কৰাৰ পাছতো হাছিনাৰ বিৰুদ্ধে আন্দোলন হ’ল। সেয়ে হাছিনা হতাশ আৰু বীতশ্ৰদ্ধ। হাছিনাৰ উপদেষ্টা হিচাপে কাম কৰা ছাজিদে কয় পৰিয়ালৰ নিৰাপত্তাৰ বাবেই তেওঁ দেশ ত্যাগ কৰিছে। শ্বেখ হাছিনাৰ বাবে এখন দুখীয়া দেশ বাংলাদেশে উন্নয়নৰ পথত আগবাঢ়িল। বৰ্তমান বাংলাদেশ এছিয়াৰ এক শক্তি।

আন্দোলনকাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগো খণ্ডন কৰিছে হাছিনাৰ পুত্ৰই। সোমবাৰে দুপৰীয়া গণ ভৱনত ত্যাগ কৰি সন্ধিয়া উপস্থিত হয়হি নতুন দিল্লীত। নতুন দিল্লীৰ পৰা লণ্ডনলৈ শ্বেখ হাছিনা যোৱাৰ সম্ভাৱনা। দিল্লীত সাময়িকভাৱে থাকিলেও ইংলেণ্ডত আশ্ৰয় ল’ব বিচাৰিছে হাছিনাই। ব্ৰিটেইনৰ পৰা এতিয়াও যাৱতীয় অনুমতি পোৱা নাই হাছিনাই। ইংলেণ্ডে যদি হাছিনাক আশ্ৰয় দিবলৈ অস্বীকাৰ কৰে তেওঁ ফিনলেণ্ডলৈও যাব পাৰে।


আনহাতে বাংলাদেশৰ পৰিস্থিতিক লৈ ভাৰত বাংলাদেশ সীমান্তত হাই এলাৰ্ট ঘোষণা কৰা হৈছে। হাই এলাৰ্ট জাৰি কৰিছে BSFএ। বাংলাদেশ সীমান্তত BSFৰ অতিৰিক্ত জোৱান নিয়োজিত। BSFৰ সঞ্চালকপ্ৰধান দলজিৎ সিং চৌধাৰী উপস্থিত কলকাতাত। BSFএ চোকা নজৰ ৰাখিছে সীমান্তৱৰ্তী এলেকাত। বাংলাদেশৰে ভাৰতৰ আছে প্ৰায় ৪,০০০ কিঃমিঃ দৈৰ্ঘ্যৰ সীমান্ত। ভাৰতলৈ বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ শংকা বৃদ্ধি পাইছে। অভিযোগ উঠিছে বাংলাদেশৰ বিভিন্ন স্থানত হিন্দু লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশ দুৰ্বৃত্তই।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰে আলোচনাত বহিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে মোদীক জনালে বিদেশ মন্ত্ৰীয়ে। বাংলাদেশক লৈ বিদেশ মন্ত্ৰী জয়শংকৰক সাক্ষাৎ কৰিছে ৰাহুল গান্ধীয়ে। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ জয়শংকৰেৰে আলোচনা ৰাহুল গান্ধীৰ। বাংলাদেশত এতিয়াও অব্যাহত আছে উত্তপ্ত পৰিস্থিতি। বাংলাদেশত থকা ভাৰতীয় নাগৰিকক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। ঢাকাৰ পৰা সকলো বিমানৰ উৰণ বাতিল এয়াৰ ইণ্ডিয়াৰ, বিমান সেৱা বাতিল কৰিছে আন আন বিমান সংস্থাসমূহে।


এতিয়া পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে নাম উচ্চাৰণ হৈছে মহম্মদ ইউনুছৰ। নোবেল জয়ী মহম্মদ ইউনুছক দেশখনৰ বহু লোকে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে। বৰ্তমান সেনাৰ নিয়ন্ত্ৰণত থকা বাংলাদেশত সেনাৰ নেতৃত্বতে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ আশ্বাস দিছে সেনা প্ৰধানে। আন্দোলত নিহত তিনি শতাধিক লোকৰ পৰিয়ালক ন্যায় দিয়া হ’ব বুলি ঘোষণা কৰিছে সেনা প্ৰধানে। সেনাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে ঘনে ঘনে বৈঠক। মূলতঃ সংৰক্ষণ বিষয়টোৰ বাবেই প্ৰথমে এখন ৰাজ্য মণিপুৰ আৰু এতিয়া বাংলাদেশ জ্বলিছে। ভাৰতবৰ্ষটো অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণত উচ্চতম ন্যায়ালয়ে মোহৰ লগোৱা দিনৰে পৰা এক জুই উমি উমি জ্বলি আছে। শ্ৰীলংকা, টিউনিছিয়া, ইজিপ্তৰ কথা বিশ্ববাসী অৱগত। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে ভাৰতৰ বাবেও সৃষ্টি কৰিছে বহু প্ৰশ্নবোধকৰ, অলেখ প্ৰশ্ন, উদ্বেগৰ।

0Shares