কথাতে কোৱা হয়, “কুকুৰ মানুহৰ আটাইতকৈ ভাল বন্ধু”।
এই কথা পুনৰ প্ৰমাণ কৰিলে ৰাছিয়াৰ বেলকা নামৰ এটা কুকুৰে।
যিয়ে তাৰ মালিকৰ মৃত্যু হোৱা হিমায়িত নদীৰ কাষত কেইবাদিনো অপেক্ষা কৰিছে মালিকৰ বাবে।
জানিব পৰা মতে, হিমায়িত নদীত চাইকেল চলাই মালিক ডুব গৈছিল আৰু বৰফৰ তলতেই পোৱা গৈছিল গৰাকীৰ মৃতদেহ। মালিকৰ মৃত্যুৰ পিছত ৰাছিয়ান কুকুৰ বেলকাই নদীৰ কাষত কেইবাদিনো অপেক্ষা কৰিছে।
বেলকাৰ কাহিনী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই কাহিনীয়ে ইণ্টাৰনেটত জাপানী কুকুৰ হাচিকোৰ কথা মনত পেলাই দিছে, যি তেওঁৰ মালিকৰ মৃত্যুৰ পিছত দৈনিক ৰেল ষ্টেচনত প্ৰায় দহ বছৰ অপেক্ষা কৰিছিল।