নতুন দিল্লীৰ কনষ্টিটিউচনেল ক্লাব অৱ ইণ্ডিয়াত আজি এক অনুষ্ঠানত দ্য আছাম ট্ৰিবিউন কাকতৰ নতুন দিল্লীৰ পূৰ্বৰ সংবাদদাতা প্ৰয়াত কল্যাণ বৰুৱাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা কল্যাণ বৰুৱা বঁটাৰ দ্বিতীয় সংস্কৰণৰ বঁটাসমূহ প্ৰদান কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পাঁচগৰাকী প্ৰাপকক এই বঁটা প্ৰদান কৰে।
ছপা শাখাৰ বাবে ফ্ৰীলান্সাৰ সাংবাদিক মুবিনা আখতাৰে বঁটা লাভ কৰাৰ বিপৰীতে দা আছাম ট্ৰিবিউন কাকতৰ উত্তৰ লখিমপুৰৰ সংবাদদাতা ফাৰহানা আহমেদক ছপা মাধ্যমৰ শিতানত জুৰীৰ বিশেষ উল্লেখ বঁটা প্ৰদান কৰা হয়।
ডিজিটেল মিডিয়া শাখাত ইম্ফলৰ ক্ষেত্ৰময়ুম চিত্ৰভানু দেৱীক এই বঁটা প্ৰদান কৰা হয় আৰু ইলেক্ট্ৰনিক শাখাত প্ৰতিদিন টাইমৰ সাংবাদিক মৃদুষ্মন্ত বৰুৱাক, স্থিৰ ফটোগ্ৰাফীৰ শাখাত অপাৰমিতা দাসক এই বঁটা প্ৰদান কৰা হয়। প্ৰবীন সাংবাদিক কিশোৰ ছেৰামক লাইফ টাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয়।
ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত ভাৰত মাতা, ৰাণী গুইদিনলু আৰু লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলিৰে জনোৱা হয় আৰু তাৰ পিছতে প্ৰয়াত কল্যাণ বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজক ‘মাই হোম ইণ্ডিয়া’ৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰ, নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সভাপতি সঞ্জীব বৰুৱা আৰু ‘মাই হোম ইণ্ডিয়া’ (দিল্লী-এন চি আৰ)ৰ সভাপতি বলদেৱ ৰাজ সচদেৱে সভাত অংশগ্ৰহন কৰে৷
অনুষ্ঠানত জুৰীৰ সদস্য চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী, আকাশবাণীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মৌচুমী চক্ৰবৰ্তী, জ্যেষ্ঠ সাংবাদিক সন্দীপ ফুকন, ইণ্ডিয়ান ইনষ্টিটিউট মাছ কমিউনিকেচন (আই আই এম চি), আইজলৰ আঞ্চলিক সঞ্চালক, অধ্যাপক শাশ্বতী গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটীকো এই উপলক্ষে সম্বৰ্ধনা জনোৱা হয়।