BCCI এ আই পি এল মেগা নিলামৰ তাৰিখ ঘোষণা কৰিছে। বহু প্ৰতীক্ষিত ক্ৰীড়া প্ৰতিযোগিতাখন ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’ব।
প্ৰাৰম্ভিক তালিকাত আছিল ১৫৭৪ গৰাকী খেলুৱৈৰ নাম। কিন্তু চূড়ান্ত তালিকাত স্থান পায় ৫৭৪ গৰাকীয়েহে। তাৰে দুদিনীয়া বৃহৎ নিলামত ৩৬৬ জন ভাৰতীয় আৰু ২০৮ জন বিদেশী খেলুৱৈৰ নাম দেখা যায়।
নিলামত ৪৮ জন কেপড আৰু ৩১৮ জন আনকেপড ভাৰতীয় খেলুৱৈ আছে। আৰু ১২ জন আনকেপড বিদেশী খেলুৱৈ আছে। মুঠ ১৯৩ জন বিদেশীক কেপড আৰু ১২ জন আনকেপড বিদেশী আছিল। তালিকাখনত সহযোগী দেশৰ ৩ জন খেলুৱৈ আছে।
নিলামত ৩১৮ জন আনকেপড ভাৰতীয়ৰ ভিতৰত বৈভৱ সূৰ্যবংশী হৈছে নিলামৰ আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ। যাৰ বয়স মাত্ৰ ১৩ বছৰ। বিহাৰৰ এই ক্ৰিকেটাৰজনক ভাৰতৰ আশ্চৰ্য লৰা বুলি কোৱা হয়।
আগন্তুক অনুৰ্ধ-১৯ এছিয়া কাপ সংযুক্ত আৰৱত অনুষ্ঠিত হ’ব। সেই দলটোত আছে বৈভৱ। চেন্নাইত অনুষ্ঠিত চাৰিদিনীয়া খেলত বৈভৱে অষ্ট্ৰেলিয়াৰ অনুৰ্ধ-১৯ ৰ বিৰুদ্ধে ৫৮ বলৰ বিধ্বংসী শতক অৰ্জন কৰে। ইয়ে প্ৰমাণ কৰে যে তেওঁ ভবিষ্যতৰ তাৰকা। বৈভৱ বাংলাদেশ আৰু ইংলেণ্ডৰ অনুৰ্ধ-১৯ দলৰ বিৰুদ্ধে ভাৰতীয় A দলতো আছিল। ইয়াৰ পৰাই নিৰ্বাচকসকলে আগন্তুক অনুৰ্ধ-১৯ এছিয়া কাপৰ বাবে দলটো বাছনি কৰে।
বৈভৱে ১২ বছৰ আৰু ২৮৪ দিনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। বৈভৱে পাটনাত মুম্বাইৰ বিৰুদ্ধে এলিট গ্ৰুপ B খেলত খেলিছিল। ইতিমধ্যে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপে ইতিহাস ৰচিছে। বৈভৱ বিহাৰৰ হৈ ৰঞ্জী খেলা দ্বিতীয় কনিষ্ঠতম ক্ৰিকেটাৰো হৈছিল। ৰঞ্জী ট্ৰফীৰ উপৰিও বৈভৱে বিহাৰৰ হৈ বেহাৰ ট্ৰফী আৰু বিনু মাকান্দ ট্ৰফীতো খেলিছে। বৈভৱে চলিত বৰ্ষৰ ছেপ্টেম্বৰত চেন্নাইত অনুষ্ঠিত যুৱ টেষ্টত ভাৰতৰ অনুৰ্ধ-১৯ দলৰ হৈ আত্মপ্ৰকাশ কৰিছিল। তেওঁ অষ্ট্ৰেলিয়াৰ যুৱ দলৰ বিৰুদ্ধে শতক (৬২ টা বলত ১০৪ ৰাণ) সংগ্ৰহ কৰে। এতিয়া বৈভৱে আই পি এল দল পাবলৈ কেৱল সময়ৰ বাবে অপেক্ষা কৰি আছে। যাক লৈ উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ।