এইবাৰ ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে নাম ওলাইছে বলীউডৰ আন এগৰাকী অভিনেত্ৰী। পিছে জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ তাৰকা স্বামীৰ নাম কেনেকৈ হ’ল জড়িত?
বিৰাট কোহলীক বহুত ভাল পোৱা বলীউডৰ অভিনেত্ৰী গৰাকীয়ে এইবাৰ খুলিছে মুখ। ইনষ্টাগ্ৰামত শ্বেয়াৰ হোৱা এখন ছবিত দেখা গৈছে এক বিশেষ বাক্য। য’ত এগৰাকী নায়িকাৰ সৈতে বিৰাটৰ এখন কাট আউট ফটো শ্বেয়াৰ হৈছে। য’ত লিখা আছে- ” আই ৱাজ মেডলী ইন লাভ উইথ বিৰাট কোহলী”।
এই ছবিখন শ্বেয়াৰ হোৱাৰ পিছতেই বিৰাটৰ অনুৰাগীসকলৰ মাজত আৰম্ভ হ’ল গুঞ্জন। সেয়েহে অৱশেষত নায়িকাগৰাকীয়ে মুখ খুলিবলৈ বাধ্য হ’ল। আৰু সেই নায়িকা গৰাকী হৈছে বলিউড অভিনেত্ৰী ম্রুণাল ঠাকুৰ।
ম্রুণাল ঠাকুৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। যিয়ে দূৰদৰ্শনৰ লগতে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰিছে।
ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে কেনেকৈ তেওঁ জড়িত হ’ল?
জাৰ্চি নামৰ এখন হিন্দী চলচ্চিত্ৰত অভিনয় কৰা ম্রুণালে ছবিখনৰ বাবে ক্ৰিকেট চোৱা আৰম্ভ কৰিছিল। কাৰণ তেওঁৰ ভাতৃও খেলখনৰ এজন অনুৰাগী আছিল।
ম্রুণালে কয় যে, তেওঁ খেলখন চাবলৈও গৈছিল আৰু খেলখন চাই থাকোতে নীলা জাৰ্চি পিন্ধি টীম ইণ্ডিয়াৰ বাবে উল্লাস কৰিছিল।
পিছে তেওঁৰ মন্তব্যটো পিছত ইনষ্টাগ্ৰামত বিভ্ৰান্তিকৰ হিচাপে আহিছিল। যিটো এটা সময়ত নায়িকাগৰাকী অতি শংকিত হৈছিল আৰু সকলো আলোচনা বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল।
শেহতীয়াকৈ চুপাৰহিট ছবি কাল্কি ২৮৯৮ ত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱা ম্রুণাল ঠাকুৰ বৰ্তমান “চৰ্দাৰ ২” ৰ সৈতে ব্যস্ত হৈ আছে।