পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব পাৰে ডাঙৰ উপহাৰ। অহা ছেপ্তেম্বৰ মাহত কৰ্মচাৰীসকলৰ DA বৃদ্ধি পাব পাৰে। বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৫০ শতাংশৰ হাৰত DA লাভ কৰি আহিছে। আৰু অহা ছেপ্তেম্বৰ মাহত কৰ্মচাৰীসকলৰ DA অতিৰিক্ত ৩ শতাংশ বৃদ্ধি পাব পাৰে।
বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে ১৮ মাহৰ DA এৰিয়াৰ হিচাপে পাবলৈ বাকী আছে। কোভিড মহামাৰীৰ সময়ত চৰকাৰে DA এৰি দিয়া নাছিল কৰ্মচাৰীসকলক। পিছে চৰকাৰে বৰ্তমান সময়ত এই এৰিয়াৰ প্ৰদান কৰাৰ কোনো পৰিকল্পনা হাতত লোৱা নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে।
পিছে সকলো ঠিকে থাকিলে ছেপ্তেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে চৰকাৰে অতিৰিক্ত তিনি শতাংশ ডিএ আগবঢ়াব বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে এই সন্দৰ্ভত বিশেষ ইংগিতো প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।