বিবাহৰ বাবে এগৰাকী যুৱতী আছে পৰিয়ালৰ ভীষণ চাপত। যুৱতী গৰাকী ভিয়েটনামৰ। পিছে যুৱতী গৰাকীয়ে এই চাপৰ সৈতে মোকাবিলা কৰিবলৈ এটা অস্বাভাৱিক উপায় বাছি লৈছে।

তেওঁ নিজৰ পৰিয়ালটোক শান্ত ৰাখিবলৈ এজন ‘ভাড়াতীয়া প্ৰেমিক’ৰ পৰিকল্পনা কৰিছে।

অবিবাহিত যুৱতী গৰাকীয়ে যেতিয়াই পাৰিবাৰিক অনুষ্ঠানলৈ যায় তেতিয়াই আত্মীয়সকলৰ কেৱল মাত্ৰ এটা প্ৰশ্নৰ সন্মুখীন হয়। আৰু সেইয়া হ’ল ‘তুমি কেতিয়া বিয়াৰ কথা ভাবিবা?’ যুৱতী গৰাকীয়ে এই অস্বস্তিকৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ এই উপায় বাছি লৈছে।

যুৱতী গৰাকীয়ে কম সময়ৰ বাবে প্ৰেমিক হিচাপে থাকিবলৈ এজন যুৱক নিয়োগ কৰে। আৰু সেই ভাড়াতীয়া প্ৰেমিকজন প্ৰতিভাশালী। অৰ্থাৎ তেওঁ ৰন্ধা-বঢ়া, গান গোৱা আৰু সামাজিক আচৰণৰ সকলো গুণৰ অধিকাৰী।

এই ভাড়াত লোৱা প্ৰেমিকজনৰ কাম হ’ল পৰিয়ালৰ হৃদয় জয় কৰা আৰু বিবাহৰ বিষয়ে কথোপকথন সহজ কৰা। এইটো জনা গৈছে যে বৰ্তমান বহুতো যুৱতীয়ে এই পথ বাছনি কৰিছে। কাৰণ তেওঁলোকে পৰিয়ালৰ চাপ বহন কৰিব নোৱাৰে।

অৱশ্যে এই প্ৰৱণতা কেৱল ভিয়েটনামৰ যুৱতীসকলৰ বাবেই লাভজনক নহয়। ই ভিয়েটনামৰ বহুতো যুৱকৰ বাবে হৈ পৰিছে উপাৰ্জনৰ উৎস।

0Shares