কথাতে কোৱা হয় যে ব,স কেৱল সংখ্যা মাত্ৰ। সেয়েহে বয়স অনুসৰি মানুহৰ ইচ্ছা বা আকাংক্ষাৰ হিচাপ নাখাটে। আৰু সেই কথাকেই সচাঁ প্ৰমানিত কৰিলে এক বৃদ্ধ দম্পতীয়ে। যিয়ে নতুনকৈ আৰম্ভ কৰিলে দাম্পত্য জীৱন।

পিছে তেওঁলোকৰ বয়স শুনিলে চমকিব আপুনি। জীৱনৰ দৌৰত তেওঁলোকে ইতিমধ্যে কোবাইছে চেঞ্চুৰী। ১০০ বছৰৰ বাৰ্ণি লিটমেন আৰু ১০২ বছৰৰ মাৰ্জোৰি ফিটাৰমেন সম্প্ৰতি বৃদ্ধ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই দম্পতীৰ বিবাহে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে।

যুক্তৰাষ্ট্ৰৰ পেঞ্চিলভেনিয়া অংগৰাজ্যৰ বৃহত্তৰ চহৰ ফিলাডেলফিয়াৰ বাসিন্দা তেওঁলোক। দুয়ো বৰ্তমান থাকে বৃদ্ধাশ্ৰমৰ একেটা মহলাত। গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষৰ পৰা জনা গৈছে যে মাৰ্জোৰি আৰু বাৰ্নিয়ে জীৱনৰ অধা বাটতে তেওঁলোকৰ জীৱন সংগী অৰ্থাত স্বামী-স্ত্ৰীক হেৰুৱাইছিল। জীৱন সংগীক হেৰুৱাই দুয়োৰে ঠিকনা হৈছিল বৃদ্ধাশ্ৰম।

অৱশ্যে তেওঁলোকে কেতিয়াও ভবা নাছিল যে বৃদ্ধাশ্ৰম গৈ তেওঁলোকে নতুনকৈ জীয়াই থকাৰ পোহৰ দেখিব। ৯ বছৰীয়া সম্পৰ্কৰ পিছত চলিত বছৰৰ ১৯ মেত দুয়োৱে বিবাহ পাশত আৱদ্ধ হয়। আৰু তাৰ লগে লগে তেওঁলোক হৈ পৰিল বিশ্বৰ সবাতোকৈ বয়সীয়াল দম্পতী।

বৃদ্ধাশ্ৰমৰ নিজৰ মহলাৰ এটি অনুষ্ঠানত বাৰ্নিয়ে প্ৰথম দেখে মাৰ্জোৰিক। আৰু সেইদিনাই মাৰ্জোৰিক অন্তৰত ধৰি ৰাখে তেওঁ। ইয়াৰ পিছতাই দুয়োৰে মাজত গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক। সেয়াই তেওলোকৰ প্ৰেমৰ সূত্ৰপাত।

বৰ্তমান তেওঁলোকে ইজনে আনজনক জীৱনসংগী হিচাপে পাই অত্যন্ত সুখী। এতিয়া দুয়োৱে দুয়োৰ অধিক যত্ন লয়। কোৰোণা মহামাৰীৰ সময়ত দুয়ো দুয়োৰক কাষত আছিল।

0Shares