সম্পৰ্কীয় বাতৰি

ৰাজ্যজুৰি এতিয়া অব্যাহত ৰাস মহোৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনা। পিছে ৰাসৰ ইতিহাস আপুনি জানেনে?

কেনেকৈ অসমৰ ৰাসে বিশ্বৰ মানচিত্ৰত সাংস্কৃতিক  পৰিচয়ৰ বহন কৰিলে সেইয়া জানিলে আপুনিও আচৰিত আৰু আনন্দিত হ’ব।

জনপ্ৰবাদ মতে, ১৭৬২ শকত মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত পোন প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল ৰাস। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বাসুদেৱ দেৱগোস্বামীয়ে ৰাতি সপোনত ভগৱানৰ আজ্ঞা অনুসৰি গীত-নৃত্য সমন্বিত এখন ৰাসলীলাৰ নাটক ৰচিছিল।

যিখন ৰাস ১৮৪ বছৰৰ আগতেই ৰচনা কৰিছিল দক্ষিণপাট সত্ৰৰ দশম সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীয়ে। নিজে গীত গাই নৃত্য কৰা একমাত্ৰ ৰাস। মহাপুৰুষজনাৰ কেলিগোপাল নাটকৰ পিছতেই ৰাসৰ উৎপত্তি হৈছিল মাজুলীৰ দক্ষিণপাট সত্ৰত। নাট ৰচনা কৰা সময়তেই য’ত স্বতঃস্ফূৰ্তভাৱে পানীৰ মাজত উদ্ভৱ হৈছিল সোণৰ বিগ্ৰহ। যাক বৃন্দাবনচন্দ্ৰ হিচাপে দৈনন্দিন বৈদিক পৰম্পৰাৰে সেৱা কৰাৰ উপৰিও ৰাস মঞ্চস্থ কৰাৰ সময়ত  শ্ৰীবৃন্দাবন ৰচনাৰে তেৰাক প্ৰতিষ্ঠা কৰি হোম-যজ্ঞৰে ৰাস পূজা কৰা হয়। য’ত কৃষ্ণ-বলৰামে পৰিধান কৰে সোণ-ৰূপেৰে নিৰ্মিত মুকুট, সেয়াই হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ৰাস। ভক্তি আৰু আধ্যাত্মিক ভাৱ জাগ্ৰত নোহোৱাজনৰো মূৰ দো খাই যায় এই ৰাসৰ গীতসমূহ আৰু নৃত্যসমূহ শ্ৰৱণ আৰু দৰ্শন কৰিলে ।

আৰু সেয়াই আছিল আৰম্ভণি। তেতিয়াৰে পৰাই মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰতি ৰাস পূৰ্ণিমাতে উদযাপন কৰি অহা হৈছে ৰাসোৎসৱ।

ক্ৰমান্বয়ে নৱ-বৈষ্ণৱ ধৰ্মৰ পৃষ্ঠভূমি মাজুলীৰ ৰাস মাজুলীৰ প্ৰধান উৎসৱ হিচাপে উদযাপিত হ’বলৈ ধৰে। তেনেদৰেই এই মহান উৎসৱটি মহোৎসৱলৈ পৰিৱৰ্তিত হয়।

বৰ্তমান মাজুলীৰ ৰাস মহোৎসৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰাৰ লগতে বিশ্বৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। সেয়েহে, প্ৰতিবছৰে এই সময়ছোৱাত মাজুলীলৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে।

প্ৰতিবছৰৰ দৰে এইবছৰো মাজুলীত ব্যাপক ৰূপত আয়োজন কৰা হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ আধ্যাত্মিকতাই সমাজত প্ৰতিষ্ঠা কৰক সুখ-শান্তি আৰু সমন্বয়।

0Shares