অৱশেষত গ’লগৈ হেজাৰ মানুহ দেখা শিল্পীজন।
যৱনিকা পৰিল যেন এটি সুৰ আৰু গানৰ।
গণশিল্পী সূৰ্য্য দাসৰ মৃত্যু।
‘মানুহ দেখিছো আজি বহুত মানুহ’ গীটতিৰ স্ৰষ্টা আছিল শিল্পী সূৰ্য্য দাস।
কেৱল মানুহৰ বাবে গান গোৱা গণশিল্পী জন নোহোৱা হ’ল।
ধৰমতুলৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীজনে। বাথৰূমত পৰি আহত হৈছিল গণশিল্পী গৰাকী।
মৰিগাঁও চিকিৎসালয়লৈ নিয়াৰ অৱস্থাত মৃত্যু হয় তেওঁৰ।
তেখেতৰ মৃত্যু সাংস্কৃতিক জগতৰ লগতে ৰাজ্যৰ বাবে এক অপূৰণীয় ক্ষতি।