চিকিৎসকে তেওঁক মাত্ৰ সময় দিছিল কেইদিনমান। অৰ্থাৎ জীয়াই থকাৰ আশা কেৱল ৩% আছে বুলিহে কৈছিল। কেঞ্চাৰৰ শেষ পৰ্যায়ত কিন্তু ডাক্তৰৰ সেই বাণী মিছা প্ৰমাণিত কৰিলে এগৰাকী বিশেষ ব্যক্তিয়ে। নিজকে প্ৰমাণ কৰি দেখুৱালে কেঞ্চাৰমুক্ত ৰোগী হিচাপে। আৰু তেওঁৱেই হ’ল প্ৰাক্তন ক্ৰিকেটাৰ নৱজিৎ সিং সিদ্ধুৰ পত্নী নৱজিৎ কৌৰ সিদ্ধু।ফৰ্থ ষ্টেজত(চতুৰ্থ স্তৰত)উপনীত হোৱা অৰ্থাৎ চিকিৎসকে মৃত্যু নিশ্চিত বুলি কোৱা প্ৰাক্তন ক্ৰিকেটাৰ নৱজিৎ সিং সিদ্ধুৰ পত্নীৰ ক্ষেত্ৰত কেঞ্চাৰৰ পৰা বাচি যোৱাৰ আশ্চৰ্য কেনেকৈ সম্ভৱ হ’ল? এই সন্দৰ্ভত নৱজিৎ সিং সিদ্ধুৱে সংবাদমেলযোগে পত্নীৰ আৰোগ্যৰ কথা কয়। তেওঁ কয়, “মোৰ পত্নীয়ে কৰ্কট ৰোগ পৰাজয় কৰিব পাৰিলে আমাৰ টকা আছে বাবে নহয়, মোৰ পত্নীক কঠোৰ অনুশাসনত ৰাখি অতি কটকটীয়া ৰুটিন পালন কৰোৱা হৈছিল। কেঞ্চাৰ চৰকাৰী হাস্পতালতো অতি অপ্ৰয়াসে চিকিৎসা কৰিব পাৰি।” তেওঁ জনোৱা মতে, নৱজিৎ সিং সিদ্ধুৰ পত্নীৰ থাৰ্ড ষ্টেজত কেঞ্চাৰ ধৰা পৰিছিল আৰু অপাৰেচন কৰি কেমোথেৰাপি আদি সকলো চিকিৎসা কৰা পাছত স্বাভাৱিকভাৱেই চলি আছিল। কিন্তু পুত্ৰৰ বিয়াৰ পাছত আকৌ তেখেত কেঞ্চাৰত আক্ৰান্ত হয়। হাস্পতালত দেখুৱাত ডাক্তৰে তেখেতৰ কেঞ্চাৰ চতুৰ্থ তথা লাষ্ট ষ্টেজত উপনীত হোৱা বুলি অৱগত কৰে আৰু বচাৰ কোনো আশা নাই বুলি উল্লেখ কৰে। তেতিয়া নৱজিৎ সিং সিদ্ধুৱে নিতৌ পাঁচ ছয় ঘন্টাকৈ কেঞ্চাৰ ৰোগ সম্পৰ্কে আমেৰিকা আদি দেশৰ চিকিৎসা বিজ্ঞানৰ কিতাপ আৰু ভাৰতৰ আয়ুৰ্বেদিক আদি কিতাপ পঢ়ে। এই সম্পৰ্কে কিতাপ পঢ়ি কেঞ্চাৰ প্ৰতিৰোধ উপাই বিচাৰিবলৈ ধৰিলে। নৱজিৎ সিং সিদ্ধুৱে সেই সকলো পঢ়ি দেখিলে যে কেঞ্চাৰক কোনো টকা খৰচ নকৰাকৈ অতি সহজে খাদ্য বদলি কৰি আৰু জীৱন শৈলী বদলি কৰি পৰাজয় কৰা সম্ভৱ। তেতিয়া সিদ্ধুৱে ঘৰৰ মানুহক পতিয়ন নিয়ালে আৰু ক’লে যে ডাক্তৰী ঔষধ বন্ধ কৰিব লাগে আৰু ঘৰুৱা চিকিৎসা আৰম্ভ কৰিব লাগে। ভবামতে নিজৰ মতে আগবাঢ়ি ৰাতিপুৱা কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো আৰম্ভ কৰালে।সকলো শৰ্কৰা জাতীয় খাদ্য বন্ধ কৰি ময়দা জাতীয় খাদ্য বন্ধ কৰি দিলে। কেঁচা হালধি,আপেল চাইডাৰ ভিনেভাৰ, মহানিমৰ পাত, তুলসী পাত, আমলখি, ডালিম, ৱালনাটছ, ৰঙালাওৰ গুটি খুৱাবলৈ আৰম্ভ কৰালে। প্ৰতিদিনে ১০-১২ টা মহানিমৰ পাত ৰাতিপুৱা খুৱাবলৈ ধৰিলে। ৰিফাইন তেলৰ লগতে আন তেল সম্পূৰ্ণ বন্ধ কৰি নিজে ঘৰত তৈয়াৰ কৰা নাৰিকলৰ তেল ব্যৱহাৰ কৰিবলৈ ধৰিলে। ৰিফাইন চেনি, ৰিফাইন বস্তু সকলো বন্ধ কৰি দিলে। ৰাতিপুৱা ১০:৩০ বজাত কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো আৰম্ভ কৰাই সন্ধ্যা ৬:৩০ বজাত অন্তিম আহাৰ গ্ৰহণ কৰাবলৈ ধৰিলে। এইটো intermittent fasting ত পৰি যায়। এনেকৈ কঠোৰ তালিকাৰে খাদ্য আৰু লাইফ ষ্টাইল বদলি কৰাত সিদ্ধুৰ পত্নী ৪০ দিনৰ ভিতৰত আৰোগ্য হৈ পৰে। তেখেতক চিকিৎসা কৰি থকা ডাক্তৰে এইবোৰ কেনেকৈ সম্ভৱ হ’ল বুলি আশ্চৰ্য প্ৰকাশ কৰে। এই আৰোগ্যত আৰু চমৎকাৰত উৎসাহিত হৈ নৱজিৎ সিং সিদ্ধুৱে পত্নীক লগত লৈ এখন সংবাদমেল আয়োজন কৰি গোটেই কথাখিনি ৰাজহুৱা কৰে। যাতে আনেও এই ক্ষেত্ৰত সজাগ সচেতন সাৱধান সতৰ্ক হয়।

0Shares