বৰষুণৰ বতৰত, ডেংগু আৰু মেলেৰিয়াৰ আশংকা বৃদ্ধি হয়। কিয়নো আৱদ্ধ পানীয়ে মহৰ বংশ বৃদ্ধি কৰে। যি মহে বিভিন্ন ৰোগৰ ভাইৰাছ বিয়পোৱাৰ লগতে মানুহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে। ডেংগুৰ ফলত তীব্ৰ জ্বৰ, শৰীৰৰ বিষ, আৰু দাগ হয়। আনহাতে মেলেৰিয়াৰ ফলত চৰ্দি, জ্বৰ আৰু স্বাস্থ্য দুৰ্বল হয়।
এই বিপদৰ পৰা সুৰক্ষা পাবলৈ যোগ হৈছে এক অতি কাৰ্যকৰী সমাধান। নিয়মীয়া যোগাভ্যাসে কেৱল শাৰীৰিক স্বাস্থ্য শক্তিশালী নকৰে, ইয়াৰ লগতে মানসিক স্বাস্থ্যও উন্নত কৰে। যাতে এই ৰোগ প্ৰতিহত কৰিব পাৰি।
এই সন্দৰ্ভত উত্তৰাখণ্ডৰ হৃষিকেশস্থিত সাধক যোগশালাৰ সঞ্চালক আৰু যোগ প্ৰশিক্ষক গোকুল বিষ্টে কয় যে- বৰষুণৰ বতৰত ডেংগু আৰু মেলেৰিয়া ৰোগ প্ৰতিহত কৰাৰ বাবে যোগ এক কাৰ্যকৰী উপায় হ’ব পাৰে। যোগ হৈছে ডাঙৰ ৰোগ প্ৰতিৰোধ কৰাৰ এক অতি বিশ্বাসী উপায়।
নিয়মীয়াকৈ যোগাভ্যাসে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে আৰু শৰীৰৰ অংগবোৰৰ কাৰ্যপ্ৰণালী উন্নত কৰে। যোগে ৰক্ত সঞ্চালন উন্নত কৰে, ৰক্তচাপ হ্ৰাস কৰে আৰু মানসিক ভাৰসাম্য বজাই ৰাখে। যোগৰ ফলত এক স্বাস্থ্যকৰ জীৱনশৈলী গঢ় লয় আৰু আত্ম-নিয়ন্ত্ৰণ বৃদ্ধি হয়। যাৰ ফলত সামগ্ৰিক স্বাস্থ্য আৰু জীৱনৰ মানদণ্ড উন্নত হয়। ইয়াৰোপৰি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয়, যাতে আমি মেলেৰিয়াৰ পৰা বাচি থাকিব পাৰোঁ।
তেনে কেইখন মান যোগাসন হ’ল-
বজ্ৰসন- এই আসন কৰিবলৈ আপুনি আঁঠুৰ পিছফালে বেঁকা কৰিব লাগিব। ইয়াৰ পিছত কঁকালৰ এটা অংশৰ ওজন ভৰিৰ গোৰোহাৰ ওপৰত ৰাখিব লাগে। তাৰ পিছত, মূৰ, ডিঙি আৰু মেৰুদণ্ড এক সৰল ৰেখাত আনিব লাগে, আৰু হাতৰ তলুৱা উৰুৰ ওপৰত ৰাখিব লাগে।
বালাসন- বালাসন কৰিবলৈ প্ৰথমে ভৰি বেঁকা কৰক আৰু বজ্ৰসনত বহক। তাৰ পিছত দুয়োখন হাত দাঙি আগলৈ হেলান দিব লাগিব। ইয়াৰ পিছত হাতৰ তলুৱা মাটিত ৰাখিব লাগে আৰু মূৰটো বিশ্ৰামৰ ভংগীত পেলাই ৰাখিব লাগে। এই আসনে কেৱল মেদবহুলতা হ্ৰাস কৰাত সহায় নকৰে, ই শৰীৰৰ বিষ আৰু চাপৰো পৰা সকাহ দিয়ে।
হালাসন – এই আসন কৰিবলৈ প্ৰথমে মাটিত শুব লাগিব আৰু দুয়োখন হাত তললৈ ৰাখিব লাগিব। ইয়াৰ পিছত লাহে লাহে দুয়োখন ভৰি সমানে তুলি লওক আৰু তাৰ পিছত কঁকালত জোৰ দি মূৰৰফালে আগবঢ়াওক। ভৰি মাটিত স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব।