আপোনাৰ গৰম পানীয় অতি প্ৰিয় নেকি? যদি প্ৰিয়, তেন্তে সাৱধান হওক। গৱেষণাত ধৰা পৰিছে আচৰিত তথ্য! এনে লোকৰ হ’ব পাৰে গুৰুতৰ ৰোগ!
সাধাৰণতে প্ৰায় সকলো মানুহৰে গৰম পানীয় অৰ্থাৎ চাহ-কফিৰ সেৱন কৰাৰ অভ্যাস আছে। পুৱাৰ পৰা আৰম্ভ কৰি দিনটোত সেৱন কৰা হয় এনে পানীয়। অৱশ্যে, শীতকালত চাহ, কফি সেৱন বেছি হয়। কিন্তু আপুনি জানেনে? খালী পেটত গৰম চাহ বা কফি খালে হ’ব পাৰে কেঞ্চাৰ?
এই তথ্য ধৰা পৰিছে শেহতীয়া এক গৱেষণাত।
তথ্য মতে, গৰম চাহ বা কফি সেৱন বেছি হ’লে পেট আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। কেৱল চাহ-কফিয়ে নহয়, যিকোনো গৰম পানীয় অত্যধিক সেৱনে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
এই তথ্য ধৰা পৰিছে আন্তঃৰাষ্ট্ৰীয় কেঞ্চাৰ গৱেষণা সংস্থাৰ অধ্যয়ন প্ৰতিবেদনত। য’ত কোৱা হৈছে যে ৬৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় মানুহৰ বাবে কাৰ্চিনোজেনিক হ’ব পাৰে, অৰ্থাৎ এনে গৰম চাহ বা কফি খালে পেট আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ আশংকা হ’ব পাৰে।
বেছিকৈ গৰম পানী খালে খাদ্যনলীৰ ক্ষতি হ’ব পাৰে। গৰম চাহৰ লগতে ধূমপান বা মদ্যপানৰ দৰে আন বিপদজনক কাৰক আছে, যিয়ে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
গৱেষণাত এইয়াও উল্লেখ আছে যে মদ আৰু চিগাৰেটৰ ধোঁৱাই গৰম চাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খাদ্যনলীৰ জৰিয়তে কোষবোৰ সহজে ক্ষতি কৰিব পাৰে। ইৰাণত কৰা এক গৱেষণাৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতিদিনে ৭০০ মিলিলিটাৰ গৰম চাহ খোৱা লোকৰ বাবে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৯০ শতাংশ বৃদ্ধি পায়। এই বিপদ কমোৱাৰ একমাত্ৰ উপায় হ’ল গৰম পানীয় খোৱাৰ আগতে অলপ ঠাণ্ডা হ’বলৈ দিয়া।