নিজৰ ছাল খন সুন্দৰ, উজ্জ্বল অৰ্থাৎ কোমল আৰু দেখনিয়াল কৰি ৰাখিবলৈ সকলোৱেই বিচাৰে। পিছে এতিয়া শীত কালৰ সময়। এনে সময়ত ছালৰ বহুত সমস্যা আহি পৰে। সেয়েহে ছালখন সযতনে ৰখাটো অতিকে জৰুৰী। অৱশ্যে তাৰবাবে আপুনি ল’ব লাগিব কিছু যত্ন।
আপোনাৰ ছাল সুন্দৰ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰে নাৰিকল তেল। যিয়ে আপোনাৰ ছাল অতি কোমল আৰু উজ্জ্বল কৰি ৰাখিব পাৰে। ই ছালৰ ক’লা দাগও আঁতৰ কৰে।
অতীতত শিশুক নাৰিকল তেলেৰে মালিচ কৰি পুৱাৰ ৰ’দত ৰাখিছিল। যিয়ে শিশুৰ ছাল দেখনিয়াল কৰি তোলে। অৱশ্যে বৰ্তমান শিশুক খুব কমহে তেনে কৰে।
চিকিৎসকৰ মতে নাৰিকল তেলেৰে ছালৰ যত্ন ল’লে ছালখন ৰ’দৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত হোৱাৰ লগতে ছালৰ ৰং উজ্জ্বল হয় আৰু ছালৰ ক’লা দাগ পাতল হৈ পৰে।
অৱশ্যে নাৰিকল তেল ব্যৱহাৰৰ কিছুমান পদ্ধতি আছে। কেনেদৰে ব্যৱহাৰ কৰিব জানি লওক-
এল’ভেৰা জেল
নাৰিকল তেলৰ লগত এলোভেৰা জেল মিহলাই ছালত লগাই ৩০ মিনিটৰ পিছত ধুই দিব। ছাল কোমল হয়।
মৌ
মৌ আৰু নাৰিকল তেলৰ সংমিশ্ৰণে ছালৰ কোষক পুষ্টি প্ৰদান কৰে। ব্যৱহাৰৰ দহ মিনিটৰ পিছত ইয়াক ধুই দিব।
হালধী–বেচন
আধা চামুচ বেচন আৰু এচামুচ হালধী গুড়িৰ লগত এচামুচ নাৰিকল তেল মিহলাই ব্যৱহাৰ কৰিলে শুকান ছালৰ বাবে সুফল পাব। এই মিশ্ৰণটো ছালত লগাই ২০ মিনিটৰ পিছত ধুই দিব। শুকাবলৈ দি তাৰ পিছত ঠাণ্ডা পানীৰে ধুব।
বেচন-নেমু-হালধী
২-৩ চামুচ নাৰিকল তেল, ১ চামুচ বেচন, ১ চামুচ হালধী আৰু আধা চামুচ নেমুৰ ৰস মিহলাই মুখত লগাই ১৫-২০ মিনিট ৰাখি মুখখন ঠাণ্ডা পানীৰে ধুই দিব। এই কাৰ্যই ছালৰ ৰং উজ্জ্বল কৰে।
চন্দন-গোলাপৰ পানী
চন্দন আৰু গোলাপ পানীৰ লগত নাৰিকল তেল অলপ অলপকৈ মিহলাই প্ৰস্তুত কৰি এটা বটলত ৰাখি থব। এই মিশ্ৰণটো ছালত লগাই ২০-৩০ মিনিট থৈ দিব। শুকাই যোৱাৰ পিছত ইয়াক ধুব লাগে। সপ্তাহত ২-৩ দিন ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব।