কোন হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী? বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হোৱাতো একপ্ৰকাৰ নিশ্চিত হৈছিল যদিও
অন্তিম মুহূৰ্তত শিৱসেনাৰ একনাথ সিন্দেই লগাইছে আউল। ফলত নতুন মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত অব্যাহত আছে চাচপেন্স।
শিৱসেনাৰ নেতা সঞ্জয় শিৰসাতে কয় যে, একনাথ সিন্দেই অহা ২৪ ঘণ্টাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব।
অৱশ্যে, তেওঁ দাবী কৰে যে, একনাথ সিন্দে কেতিয়াও কেন্দ্ৰীয় মন্ত্ৰী নহয়। কাৰণ তেওঁ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ প্ৰতিহে আগ্ৰহী।
বৃহস্পতিবাৰে নিশা দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগ পোৱাৰ পিছতে একনাথ সিন্দেয়ে স্পষ্ট ৰূপে এই কথা জনাইছে বুলি উল্লেখ কৰিছে দলটোৰ নেতাজনে।
ইফালে খবৰ অনুসৰি, সিন্দেই গৃহ, বিত্ত আৰু ৰাজহ দপ্তৰ বিচাৰিছে। এই তিনিটা দপ্তৰ নাপালে
শিৱসেনাই চৰকাৰক বাহিৰৰ পৰাহে সমৰ্থন দিব বুলি চৰ্ত বান্ধিছে। যদি এই তিনিটা দপ্তৰ লাভ কৰে তেন্তে বিজেপিয়ে যাকেই মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব, সেই সিদ্ধান্তই মানি লব দলটোৱে। পিছে এই সকলো কথা স্পষ্ট হব আগন্তুক ২৪ ঘণ্টাতহে।