এক আচৰিত ঘটনা। বেংকৰ পৰা লোন দিয়াৰ প্ৰলোভনেৰে এজন কৃষকৰ পৰা ৩৯ হাজাৰ টকাৰ লোকেল মূৰ্গী খালে বেংকৰ মেনেজাৰে। এই ঘটনা ছত্তীশগড়ৰ বিলাসপুৰৰ মস্তুৰিৰ।
জানিব পৰা মতে, মস্তুৰিৰ ৰূপচান্দ মানহাৰ নামৰ কৃষকজনে নিজৰ কুকুৰাৰ ফাৰ্মখনৰ ব্যৱসায় অলপ ডাঙৰ কৰাৰ উদ্দেশ্যে বেংকৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁ স্থানীয় মস্তুৰি শাখাৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰবন্ধকৰ সৈতে যোগাযোগ কৰে। সেইমতে কৃষকজনক শাখা প্ৰবন্ধকজনে ১২ লাখ টকাৰ ঋণ বিচাৰি আবেদন কৰিবলৈ নিৰ্দেশ দিয়ে। কথা মতেই আগবাঢ়ে তেওঁ।
পিছে প্ৰবন্ধকজনে তেওঁৰ পৰা বিচাৰে ১০ শতাংশ কমিছন। নিজৰ পামৰ কুকুৰা বিক্ৰী কৰি সেইয়াও আগতীয়াকৈ প্ৰবন্ধকক দি আদায় কৰে কৃষক ৰূপচান্দ মানহাৰে। কিন্তু তাৰ পিছতো কৃষকজনৰ ঋণৰ আবেদনৰ অনুমোদন নজনায় প্ৰবন্ধকজনে। সেয়েহে তেওঁ ঋণ মোকলাই দিবলৈ পুনৰ অনুৰোধ জনায়। কিন্তু ইয়াৰ পিছতেই ঋণৰ আবেদন অনুমোদনৰ বাবে কৃষকজনক প্ৰতি শনিবাৰে লোকেল মূর্গী আনিবলৈ দিয়ে প্ৰবন্ধকজনে। সেইমতে, গাঁৱৰ এজন ব্যক্তিৰ পৰা তেওঁ মূৰ্গী ক্ৰয় কৰি আনি যোগান ধৰে প্ৰবন্ধকজনক। এনেদৰে প্ৰতি শনিবাৰে প্ৰবন্ধকজনক লোকেল মূৰ্গী যোগান ধৰোঁতে ধৰোঁতে মুঠ ৩৮,৯০০ টকা খৰচ হয় কৃষক ৰূপচান্দ মানহাৰৰ। এতিয়া সেই টকা ধাৰ মাৰিবলৈও আছে কৃষকজনৰ।
অৱশেষত যেতিয়াই কৃষক মানহাৰে বেংক প্ৰবন্ধকজনৰ অভিসন্ধি বুজি পালে, তেতিয়াই তেওঁ স্থানীয় দণ্ডাধীশক এই সন্দৰ্ভত অভিযোগ দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়। আৰু যদিহে প্ৰবন্ধকজনৰ বিৰুদ্ধে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তেওঁ অনশন কৰাৰ লগতে প্ৰবন্ধকক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে।