ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে প্ৰতি বছৰৰ দৰে ২০২৪ বৰ্ষৰ বাবেও প্ৰকাশ কৰিলে নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক। এই ৰেংকিঙত উজলিল অসমৰ কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। এই ৰেংকিঙত IIT গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় ফাৰ্মাচী প্ৰতিষ্ঠান আৰু NIT শিলচৰে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমবাৰলৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ৰেংকিঙো প্ৰকাশ কৰিলে NIRF-এ।
NIRF ২০২৪ অনুসৰি সামগ্ৰিকভাৱে দেশৰ শ্ৰেষ্ঠ ১১খন শিক্ষানুষ্ঠান হৈছে
- IIT মাদ্ৰাছ
- IISc বেংগালুৰু
- IIT বম্বে
- IIT দিল্লী
- IIT কানপুৰ
- IIT খৰগপুৰ
- AIIMS নতুন দিল্লী
- IIT ৰুৰকী
- IIT গুৱাহাটী
- জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
- বেনাৰস হিন্দু বিশ্ববিদ্যালয়
আনহাতে, শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকা অনুসৰি
- IISc বেংগালুৰু
- জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
- জামিয়া মিলিয়া ইছলামিয়া
- মনিপাল একাডেমী অৱ হায়াৰ এডুকেচন, মনিপাল
- বেনাৰস হিন্দু বিশ্ববিদ্যালয়
- দিল্লী বিশ্ববিদ্যালয়
- অমৃত বিশ্ব বিদ্যাপীঠম
- আলিগড় মুছলিম বিশ্ববিদ্যালয়
- যাদৱপুৰ বিশ্ববিদ্যালয়
- ভেল্লোৰ ইনষ্টিটিউট অৱ টেকনলজী
আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ে তালিকাৰ ৪০সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে তেজপুৰ বিশ্ববিদ্যালয়ে ৬৯সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়।
ইফালে, NIRF ২০২৪ অনুসৰি দেশৰ শ্ৰেষ্ঠ ১০খন মহাবিদ্যালয় হৈছে
- হিন্দু কলেজ, দিল্লী
- মিৰাণ্ডা হাউছ, দিল্লী
- চেইণ্ট ষ্টিফেঞ্চ কলেজ, দিল্লী
- ৰামকৃষ্ণ মিছন বিবেকানন্দ চেণ্টিনেৰী কলেজ, কলকাতা
- আত্মাৰাম সনাতন ধৰ্ম কলেজ, দিল্লী
- চেইণ্ট জেভিয়াৰ্ছ কলেজ, কলকাতা
- পিএছজিআৰ কৃষ্ণম্মাল কলেজ ফৰ ৱমেন, কইম্বাটোৰ
- লয়লা কলেজ, চেন্নাই
- কিৰোৰিমল কলেজ, দিল্লী
- লেডী শ্ৰীৰাম কলেজ ফৰ ৱমেন, দিল্লী
আটাইতকৈ মন কৰিব লগীয়া কথাটো হৈছে দেশৰ শীৰ্ষ ১০০খন কলেজৰ তালিকাত নাই অসমৰ এখনো মহাবিদ্যালয়।
আনহাতে, NIRF ২০২৪ অনুসৰি দেশৰ শ্ৰেষ্ঠ ৰিচাৰ্ছ ইনষ্টিটিউটৰ তালিকাত স্থান লাভ কৰিছে IIT গুৱাহাটীয়ে। শ্ৰেষ্ঠ গৱেষণা প্ৰতিষ্ঠানৰ তালিকা অনুসৰি
- IISc বেংগালুৰু
- IIT মাদ্ৰাছ
- IIT দিল্লী
- IIT বম্বে
- IIT খৰগপুৰ
- হোমি ভাবা নেচনেল ইনষ্টিটিউট
- IIT কানপুৰ
- AIIMS দিল্লী
- IIT ৰুৰকী
- IIT গুৱাহাটী
২০২৪ৰ নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক অনুসৰি শীৰ্ষ ১০খন অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ তালিকাত সপ্তম স্থান দখল কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে। তালিকা অনুসৰি শীৰ্ষ ১০খন প্ৰতিষ্ঠান হৈছে
- IIT মাদ্ৰাছ
- IIT দিল্লী
- IIT বম্বে
- IIT কানপুৰ
- IIT খৰগপুৰ
- IIT ৰুৰকী
- IIT গুৱাহাটী
- IIT হায়দৰাবাদ
- NIT তিৰুচিৰাপল্লী
- IIT বাৰানসী
এই তালিকাত নেচনেল ইনষ্টিটিউট অৱ টেকনলজী শিলচৰে ৪০সংখ্যক স্থান দখল কৰিছে।
NIRF ২০২৪-এ প্ৰকাশ কৰা তালিকা অনুসৰি শ্ৰেষ্ঠ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ তালিকাত শীৰ্ষস্থান দখল IIM আহমেদাবাদৰ। এই তালিকা অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ে ৯৫সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। শ্ৰেষ্ঠ ১০খন মেনেজমেণ্ট শিক্ষাৰ প্ৰতিষ্ঠান হৈছে
- IIM আহমেদাবাদ
- IIM বেংগালুৰু
- IIM কোঝিকোড়ে
- IIT দিল্লী
- IIM কলকাতা
- IIM মুম্বাই
- IIM লক্ষ্ণৌ
- IIM ইন্দোৰ
- XLRI-জেভিয়াৰ স্কুল অৱ মেনেজমেণ্ট
- IIT বম্বে
NIRF-এ প্ৰকাশ কৰা ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ ফাৰ্মাচী শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত দ্বাদশ স্থান লাভ কৰিছে নেচমেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছে। তালিকাৰ ৪৩সংখ্যক স্থানত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। তালিকাৰ শীৰ্ষ ১০ত আছে
- জামিয়া হামদৰ্দ, দিল্লী
- নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ
- বিৰলা ইনষ্টিটিউট অৱ টেকনলজী এণ্ড চায়েন্স, পিলানি
- জেএছএছ কলেজ অৱ ফাৰ্মাচী, ওটি
- ইনষ্টিটিউট অৱ কেমিকেল টেকনলজী, মুম্বাই
- জেএছএছ কলেজ অৱ ফাৰ্মাচী, মহীশূৰ
- পাঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডীগড়
- মনিপাল কলেজ অৱ ফাৰ্মাচিউটিকেল চায়েন্স, উড়ুপি
- নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ, মোহালি
- এছভিকেএম নাৰ্চি মঞ্জি ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডীজ
NIRF ২০২৪ অনুসৰি মেডিকেল শিক্ষাৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠান হৈছে AIIMS নতুন দিল্লী। শীৰ্ষ ৫০খন প্ৰতিষ্ঠানত স্থান নাপালে অসমৰ এখনো মেডিকেল কলেজে। শীৰ্ষ ১০খন প্ৰতিষ্ঠান হৈছে
- AIIMS নতুন দিল্লী
- পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ, চণ্ডীগড়
- খ্ৰীষ্টান মেডিকেল কলেজ, ভেল্লোৰ
- নেচনেল ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ এণ্ড নিউৰ’ চায়েন্স, পুডুচেৰী
- জৱাহৰলাল ইনষ্টিটিউট অৱ পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ, পুডুচেৰী
- সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স, লক্ষ্ণৌ
- বেনাৰস হিন্দু বিশ্ববিদ্যালয়
- অমৃতা বিশ্ব বিদ্যাপীঠম, কইম্বাটোৰ
- কস্তুৰবা মেডিকেল কলেজ, মনিপাল
- মাদ্ৰাছ মেডিকেল কলেজ, চেন্নাই
NIRF-এ প্ৰকাশ কৰা ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ দন্ত শিক্ষাৰ প্ৰতিষ্ঠানৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে চেন্নাইৰ সবীতা ইনষ্টিটিউট অৱ মেডিকেল এণ্ড টেকনিকেল চায়েন্সে। দ্বিতীয় স্থানত মনিপাল কলেজ অৱ ডেণ্টেল চায়েন্স থকাৰ বিপৰীতে তৃতীয় স্থানত আছে দিল্লীৰ মৌলানা আজাদ ইনষ্টিটিউট অৱ ডেণ্টেল চায়েন্সে।
ইফালে আইন শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত ২৭সংখ্যক স্থান দখল কৰিছে গুৱাহাটীৰ নেচনেল ল ইউনিভাৰ্চিটী এণ্ড জুডিচিয়েল একাডমেীয়ে। তালিকাৰ শীৰ্ষস্থানত বেংগালুৰুৰ নেচনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্চিটী। দ্বিতীয় স্থানত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়। তৃতীয় স্থানত হায়দৰাবাদৰ নালচাৰ ইউনিভাৰ্চিটী অৱ ল।
আনহাতে, আৰ্কিটেকচাৰ এণ্ড প্লেনিং প্ৰতিষ্ঠানৰ তালিকাত স্থান নাপালে অসমৰ এখনো প্ৰতিষ্ঠানে। স্থাপত্য আৰু পৰিকল্পনা প্ৰতিষ্ঠানৰ তালিকাত প্ৰথম স্থান দখল কৰিলে ৰুৰকীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজীয়। দ্বিতীয় স্থানত IIT খৰগপুৰ, তৃতীয় স্থানত IIT কালিকট।
ইণ্ডিয়া ৰেংকিং ২০২৪ অনুসৰি শ্ৰেষ্ঠ কৃষি শিক্ষানুষ্ঠানৰ তালিকাত চতুৰ্দশ স্থান দখল কৰিলে অসম কৃষি বিশ্ববিদ্যালয়ে। প্ৰথম স্থানত আছে নতুন দিল্লীৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্ছ ইনষ্টিটিউট। দ্বিতীয় স্থান দখল আচিএআৰ-নেচনেল ডায়েৰী ৰিচাৰ্ছ ইনষ্টিটিউট, হাৰিয়ানাৰ। তৃতীয় স্থানত লুধিয়ানাৰ পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়। তালিকাৰ চতুৰ্থ স্থানত বেনাৰস হিন্দু বিশ্ববিদ্যালয়, পঞ্চম স্থানত আছে ইণ্ডিয়ান ভেটেৰিনাৰী ৰিচাৰ্ছ ইনষ্টিটিউট বৰেলীৰ।
NIRF ২০২৪ অনুসৰি উদ্ভাৱৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে IIT বম্বেই। ইয়াৰ বিপৰীতে IIT মাদ্ৰাছ আৰু IIT হায়দাৰাবাদে স্থান দখল কৰিছে।
আনহাতে, মুক্ত বিশ্ববিদ্যালয়ৰ তালিকাত শীৰ্ষস্থানত আছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় চমুকৈ IGNOU। দ্বিতীয় স্থানত কলকাতাৰ নেতাজী সুভাষ মুকলি বিশ্ববিদ্যালয় আৰু তৃতীয় স্থানত আহমেদাবাদৰ ড০ বাবাসাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়।
এইবাৰৰ দক্ষতা শিক্ষানুষ্ঠানৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে পুনেৰ চিম্বায়ছিচ স্কিল এণ্ড প্ৰফেছনেল ইউনিভাৰ্চিটীয়ে। হাৰিয়ানাৰ শ্ৰী বিশ্বকৰ্মা স্কিল ইউনিভাৰ্চিটীয়ে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে তৃতীয় স্থান দখল কৰিলে ৰাজস্থানৰ ভাৰতীয় স্কিল ডেভেলপমেণ্ট বিশ্ববিদ্যালয়ে।
আনহাতে, প্ৰথমবাৰলৈ প্ৰকাশ কৰা ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ তালিকাত ত্ৰয়োদশ স্থান দখল কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে। তালিকাৰ ২৮সংখ্যক স্থানত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। শীৰ্ষ ১০খন বিশ্ববিদ্যালয় হৈছে
- আন্না বিশ্ববিদ্যালয়, চেন্নাই
- যাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতা
- সাবিত্ৰী বাই ফুলে বিশ্ববিদ্যালয়, পুনে
- কলকাতা বিশ্ববিদ্যালয়
- পঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডীগড়
- ওচমানিয়া বিশ্ববিদ্যালয়, হায়দৰাবাদ
- অন্ধ্ৰ বিশ্ববিদ্যালয়, বিশাখাপট্টনম
- ভাৰথিয়াৰ বিশ্ববিদ্যালয়, কইম্বাটোৰ
- কেৰালা বিশ্ববিদ্যালয়, থিৰুৱনন্তপুৰম
- কোচিন ইউনিভাৰ্চিটী অৱ চায়েন্স এণ্ড টেকনলজী
উল্লেখ্য যে, ২০২৪ বৰ্ষৰ বাবে ঘোষিত ৰেংকিঙত তেজপুৰ বিশ্ববিদ্যালয়ক চেৰ পেলালে গুৱাহাটী বিশ্ববিদ্যালয়ে। NIRFৰ সৰ্বভাৰতীয় বিশ্ববিদ্যালয়ৰ ৰেংকিঙত ৪০সংখ্যক স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ। শীৰ্ষ ৫০খন বিশ্ববিদ্যলয়ৰ ভিতৰত স্থান লাভ কৰা উত্তৰ-পূবৰ একমাত্ৰ শিক্ষানুষ্ঠান হৈছে অসমৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।