এইবাৰ অভিনেত্ৰী ছানী লিয়নী হ’ল চৰকাৰী আঁচনিৰ হিতাধিকাৰী! আঁচনিৰ অধীনত অভিনেত্ৰী গৰাকীয়ে মাহে লাভ কৰে ১০০০ কৈ টকা! এই ঘটনা ছত্তীশগড়ৰ। বৰ্তমান এই কথাই চৰ্চা লাভ কৰিছে দেশত।
জানিব পৰা মতে, ছত্তীশগড়ৰ বিজেপি চৰকাৰে সেই ৰাজ্যৰ বিবাহিতা মহিলাক মাহে ১০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে এখন আঁচনি কাৰ্যকৰী কৰিছে। সেই আঁচনিখন এতিয়া জনপ্ৰিয় ৰাজ্যখনত। আৰু সেই আঁচনিখনৰ নাম হ’ল ‘মাতৃবন্দন যোজনা’।
ছত্তীশগড়ৰ এই আঁচনিৰ হিতাধিকাৰী হ’ল অভিনেত্ৰী ছানী লিয়নী। আনকি তেওঁৰ একাউণ্টত মাহে মাহে সোমাই ১০০০ টকা! এই অভিযোগ অলপতে উত্থাপন কৰিছে ছত্তীশগড়ৰ অভনপুৰ বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভাপতি জয়ৰ্ধন বাঘেলে।
সামাজিক মাধ্যমত এক প’ষ্ট শ্বেয়াৰ কৰি তেওঁ এই কথা উল্লেখ কৰিছে যিটো প’ষ্টত অভিনেত্ৰীগৰাকীৰ নাম আৰু প্ৰতিমাহে তেওঁ লাভ কৰা ধনৰ কথা উল্লেখ আছে৷
জিলা দণ্ডাধীশে ছত্তীশগড়ৰ মহিলা আৰু শিশু উন্নয়ন বিভাগক এই ঘটনাৰ বিস্তৃত তদন্তৰ নিৰ্দেশ দিয়ে।
অৱশ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰি লাভ কৰা তথ্য অনুসৰি বীৰেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে এই কাম কৰি প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰাৰ কথা পোহৰলৈ আহিছে।
তদন্তত ধৰা পৰা অনুসৰি, বস্তিৰ অঞ্চলৰ তালুৰ গাঁৱত হিতাধিকাৰীৰ নাম দিওঁতে চৰকাৰী কৰ্মচাৰীৰ চকু কপালত উঠিল। য’ত দেখা যায় যে আবেদন সমূহৰ ভিতৰত এখন আবেদন আহে ছানী লিয়নীৰনামত।