যদি আপুনি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে, তেন্তে আপুনি মেগনেছিয়াম সমৃদ্ধ খাদ্য খাব লাগিব। মেগনেছিয়ামে ভাগৰ, ভোকৰ অভাৱ, কম টোপনিৰ দৰে সমস্যা সমাধান কৰে। মহিলাসকলৰ বাবে মেগনেছিয়াম অতি গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত সকলো মানুহৰ বাহিৰত খাদ্য খোৱাৰ প্ৰৱণতা ইমানেই বৃদ্ধি পাইছে যে যুৱক-যুৱতীসকলে ভজা, সংসাধিত খাদ্য গ্ৰহণ কৰাত অভ্যস্ত হৈ পৰিছে। এনে খাদ্যৰ পৰা সাধাৰণতে প্ৰয়োজনীয় প্ৰ’টিন, ভিটামিন, খনিজ পদাৰ্থ লাভ কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে দেহত কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আদিহে বৃদ্ধি হয়। ৩০ বছৰ বয়সৰ পিছত মহিলাৰ শৰীৰত বিভিন্ন খনিজ পদাৰ্থৰ অভাৱ হয়। যাৰ ফলত শৰীৰত হাড় দুৰ্বল হয়, ভাগৰ বৃদ্ধি হয়। ঋতুবন্ধৰ সময় ওচৰ চাপি অহাৰ লগে লগে হৰমনৰ তাৰতম্যৰ ফলত শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। গতিকে এই সময়ত আপুনি মেগনেছিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো অতি জৰুৰী।
মেগনেছিয়াম কিয় গুৰুত্বপূৰ্ণ?
1) ঋতুস্ৰাৱৰ সময়ত বহুতো মহিলাই পেটৰ বিষত ভোগে। ঋতুস্ৰাৱৰ ফলত শাৰীৰিক ভাগৰ, সঘনাই মনোভাৱৰ পৰিৱৰ্তনো হয়। মেগনেছিয়ামে এই সমস্যাবোৰ আঁতৰাই ৰাখিব পাৰে।
2) বয়স চল্লিশ হোৱাৰ পিছত বহুতো মহিলাৰ অনিদ্ৰাৰ সমস্যা হয়। দৈনন্দিন জীৱনত উদ্বেগ বৃদ্ধি পায়। গতিকে এই সময়ত মেগনেছিয়াম গুৰুত্বপূৰ্ণ। মেগনেছিয়ামৰ সঠিক স্তৰে মেলাটোনিন উৎপন্ন কৰে, যাতে টোপনি ভাল হয়।
3) মেগনেছিয়ামে হাড়ৰ স্বাস্থ্য ভাল ৰাখে। হাড় মজবুত কৰি ৰাখে। যদি আপুনি দৈনিক আহাৰত মেগনেছিয়াম সমৃদ্ধ খাদ্য ৰাখে, আৰ্থ্ৰাইটিছৰ বিষ, গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ।
4) মেগনেছিয়ামৰ অভাৱৰ ফলত শৰীৰত প্ৰদাহজনিত সমস্যা নাইকিয়া হয়। ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাতো ইয়াৰ ভূমিকা আছে।
5) মেগনেছিয়ামে হাপানি, শ্বাস-প্ৰশ্বাসৰ সমস্যা আঁতৰ কৰাত সহায় কৰে।
আপুনি কি কি খাদ্যৰ পৰা মেগনেছিয়াম পাব পাৰে?
ৰুটীত মেগনেছিয়াম থাকে। পিনাট বাটাৰ, অটচ, পালেং শাক, মটৰ, ভেণ্ডিয়ে ইয়াৰ অভাৱ পূৰণ কৰিব পাৰে। ব্ৰকলিত যথেষ্ট পৰিমাণে মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে। আপুনি গাজি বুট খাব পাৰে, ইয়াতো মেগনেছিয়াম থাকে। কেঁচা বাদামতো মেগনেছিয়ামৰ মাত্ৰা অধিক। দৈনিক তিয়াই থোৱা দুটা কেঁচা বাদাম খালেও আপুনি উপকৃত হ’ব।