যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পোলেণ্ডৰ পৰা ১০ ঘণ্টাৰ যাত্ৰা কৰি ৰে’লেৰে গৈ কীভত উপস্থিত হৈছিলগৈ প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ এজন ৰাষ্ট্ৰনেতা আন এখন ৰাষ্ট্ৰ ভ্ৰমণৰ দৰে সাধাৰণ ঘটনা হিচাপে বিবেচিত হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ সমগ্ৰ বিশ্বই নজৰত ৰাখিছে।
২০২২ৰ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত অভিযান চলোৱাৰ পিছত শেষ নোহোৱা এখন যুদ্ধ কিদৰে শেষ হ’ব তাক লৈ চৰ্চা হৈছে। এফালে ৰাছিয়া ভাৰতৰ পুৰণি বন্ধু। আনফালে ইউক্ৰেইনত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীক বহুদিন ধৰি বিশ্ব সমুদায়ে আহ্বান জনাইছে মধ্যস্থতাৰে যুদ্ধখন অন্ত পেলোৱাৰ বাবে। কিন্তু সেয়া মোদীৰ পক্ষে সম্ভৱ জানো! মোদীৰ কথাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সঁহাৰি দিবনে? তথাপি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে প্ৰধানমন্ত্ৰী মোদীক চেষ্টা চলাওক বুলি আহ্বান জনাই আহিছিল।
অৱশেষত ১৯৯১ চনত ছোভিয়েট ৰাছিয়াৰ পৰা স্বাধীনতা লাভ কৰি পৃথক ৰাষ্ট্ৰ ইউক্ৰেইন গঠন হোৱাৰ পিছত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে ইউক্ৰেইনত উপস্থিত হ’লগৈ নৰেন্দ্ৰ মোদী। এদিনীয়া ভ্ৰমণসূচীৰে পোলেণ্ডৰ পৰা ৰে’লেৰে যাত্ৰা কৰি ৰাজধানী কীভৰ চেন্ট্রেল ৰে’লৱে ষ্টেচনত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰী। প্ৰবাসী ভাৰতীয়সকলে ৰে’লেৱে ষ্টেচনতে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰীক। কীভত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাতৰ পিছতে দুই নেতাই আলিংগন কৰি সম্ভাষণ জনায়। ইয়াৰ পিছতে কীভত বোমা বিস্ফোৰণত নিহত হোৱা শিশুসকলৰ প্ৰতি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জনায়। জেলেনস্কিৰ কান্ধত হাত থৈ প্ৰধানমন্ত্ৰী উপস্থিত হয় স্মৃতিসৌধত।
শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীয়ে লিখিলে-যুদ্ধই শিশুসকলক সবাতোকৈ বেছি ক্ষতি কৰে। যিসকল শিশুৱে প্ৰাণ হেৰুৱালে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
বিশ্বজুৰি চৰ্চা হৈছে প্ৰধানমন্ত্ৰী মোদীৰ এই ইউক্ৰেইন ভ্ৰমণ। ৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই চৰ্চাতকৈ মোদীৰ ইউক্ৰেইন ভ্ৰমণে মুকলি কৰিব নেকি সংহাৰী যুদ্ধ অন্ত পেলোৱাৰ পথ? এই লৈ বিশ্বজুৰি চৰ্চা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি পুটিনক আলিংগন কৰা দৃশ্যক লৈ ইউৰোপীয় দেশসমূহে সমালোচনা কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়েও অসন্তুষ্টি প্ৰকাশ কৰিছিল। কিন্তু এই মুহূৰ্তত জেলেনস্কিয়ে এক আশাৰে প্ৰধানমন্ত্ৰী মোদীক আলিংগন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইন ভ্ৰমণেৰে বিশ্ব সমুদায়ৰ মুখ বন্ধ কৰাৰ লগতে দিলে এক বিশেষ বাৰ্তাও। মোদীয়ে পুনৰ ক’লে, এই যুগ যুদ্ধৰ নহয়। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত এক বৈঠকো অনুষ্ঠিত হয়। বাণিজ্যিক সম্পৰ্কৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে আলোচনা হোৱা বুলিও চৰ্চা হৈছে। দুয়োখন দেশৰ আলোচনাত অৰ্থনীতি বিনিয়োগ, শিক্ষা আদি প্ৰসংগইও আলোচনাত স্থান পায়।
আনহাতে, ইউক্ৰেইনলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰে’ল চফৰক লৈও চৰ্চা। প্ৰধানমন্ত্ৰীয়ে যিখন ৰে’লেৰে ১০ ঘণ্টা যাত্ৰা কৰি পোলেণ্ডৰ পৰা ইউক্ৰেইনত উপস্থিত হ’লগৈ সেই ৰে’লক ‘ৰে’ল ফৰ্চ ৱান’ হিচাপে জনা যায়। ইউক্ৰেইনৰ পৰিবহণ ব্যৱস্থাৰ ই হৈছে সবাতোকৈ নিৰাপদ মাধ্যম। যুদ্ধৰ বাবে ইউক্ৰেইনৰ আকাশ বৰ্তমান অতি বিপদজনক। সেইবাবে বিমানৰ পৰিৱৰ্তে ইউক্ৰেইনে কূটনৈতিক পৰিবহণ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে ৰে’লক। ইউক্ৰেইনৰ এই ব্যৱস্থাক লৌহ কূটনীতি হিচাপে বিশ্লেষণ কৰা হয়। প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নি, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছোনাকো ৰে’লেৰে গৈ উপস্থিত হৈছিল কীভত।
এতিয়া বিশ্বজুৰি এটা কথাই চৰ্চা হৈছে ৰাছিয়াৰ দীৰ্ঘ দিনীয়া বন্ধু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ এই যাত্ৰাই যেন শান্তিৰ পথ মুকলি কৰক। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰী মোদীৰ এই ঐতিহাসিক ইউক্ৰেইন ভ্ৰমণে বিশ্বৰ বাবে শুভ বাৰ্তা লৈ আহিব বুলি আশা প্ৰকাশ কৰিছে। অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণত ৰাছিয়াই আপত্তি দৰ্শাইছিল।
ইউৰোপৰ লগতে সমগ্ৰ শান্তিকামী জনতাই আশা কৰিছে কিবা এটা শুভ বাৰ্তা আনক মোদীৰ ইউক্ৰেইন ভ্ৰমণে। নৰেন্দ্ৰ মোদীৰ ভ্ৰমণে যেন সংঘাত দূৰ কৰক ইউক্ৰেইন-ৰাছিয়াৰ। কিন্তু এইবোৰতকৈ ইউক্ৰেইনবাসীৰ লগতে ইউক্ৰেইনত থকা প্ৰবাসী ভাৰতীয়সকলৰ আশা, মোদীৰ ভ্ৰমণে যুদ্ধত যতি পেলাওক। ইউক্ৰেইনত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ–ছাত্ৰীসকলৰো একেই আহ্বান।