বৃহস্পতিবাৰে কি কি কৰিব লাগে, কি কি কৰিব নালাগে?
হিন্দু ধৰ্মত প্ৰতিটো দিনৰে থাকে বিশেষ বিশেষ তাৎপৰ্য। সপ্তাহৰ প্ৰতিটো দিনেই হিন্দু ধৰ্মত কোনোবা নহয় কোনোবা দেৱ-দেৱীৰ নামত উৎসৰ্গা কৰা হয়।
বৃহস্পতিবাৰৰ দিনটো ভগৱান বৃহস্পতি, শ্ৰীহৰি বিষ্ণু আৰু দেৱী লক্ষ্মীৰ নামত উচৰ্গা কৰা হয় বুলি লোকবিশ্বাস আছে।
ধৰ্মীয় বিশ্বাস অনুসৰি, বৃহস্পতিবাৰে লক্ষ্মী দেৱীৰ খং উঠিলে ঘৰত আৰ্থিক সংকটৰ সৃষ্টি হ’ব পাৰে।
গতিকে জানো আহক, বৃহস্পতিবাৰে কি কি কৰিব লাগে, কি কি কৰিব নালাগে?
যদি কাৰোবাৰ ৰাশিফলত গুৰু দোষ আছে, তেন্তে বৃহস্পতিবাৰে সূৰ্য উদয়ৰ আগতেই উঠি গা ধুব লাগে।
ইয়াৰ পিছত ভগৱান বিষ্ণুক সঠিকভাৱে পূজা কৰিব লাগে। বিষ্ণু সহস্ৰানাম পাঠ আৰু আৰতি কৰিলে গুৰুদোষ দূৰ হোৱাৰ লগতে জীৱনৰ ডাঙৰ সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয়।
পুৰুষে বৃহস্পতিবাৰে চুলি-দাড়ি কাটিব নালাগে। সম্ভৱ হ’লে চুলিত শ্বেম্পু বা চাবোন লগোৱা পৰিহাৰ কৰিব লাগে। ইয়াৰোপৰি নখ কটা পৰিহাৰ কৰিব লাগে।
বৃহস্পতিবাৰে চুলি বা নখ কাটিলে বৃহস্পতি ৰাশিফলত দুৰ্বল হৈ পৰে। গতিকে কামত বহু ধৰণৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয়।
বৃহস্পতিবাৰে কেতিয়াও আৱৰ্জনা বিক্ৰী কৰিব নালাগে। বৃহস্পতিবাৰে আৱৰ্জনা বিক্ৰী কৰিলে ঘৰৰ সুখ আৰু সমৃদ্ধি ধ্বংস হয় বুলি বিশ্বাস কৰা হয়।
গুৰুৰ কু-প্ৰভাৱৰ বাবে পৰিয়ালৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু শিশুৰ শিক্ষাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে।
বৃহস্পতিবাৰে ধনৰ লেনদেন পৰিহাৰ কৰিব লাগে। এই দিনটোত কাকো ধন ঋণ বা ধাৰলৈ নিদিব। তেনে কৰিলে হয়তো আপোনাৰ ৰাশিফলত বৃহস্পতিৰ স্থান দুৰ্বল হৈ পৰিব। ইয়াৰ বাবে পৰিয়ালটোৱেও ধন সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
উল্লেখ্য যে, ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। বিশ্বাস কৰা নকৰাটো আপোনাৰ একান্তই ব্যক্তিগত কথা।