জনপ্ৰিয় পাঞ্জাৱী গায়ক বি প্ৰাক ২০১৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বি প্ৰাক আৰু তেওঁৰ পত্নী মীৰা বচ্চনৰ ২০২০ চনত এটি পুত্ৰ সন্তান হৈছিল। পাঞ্জাৱী গায়ক বি প্ৰাক সেই সময়ত বহুত জনপ্ৰিয় আছিল।

সকলো ঠিকেই চলি আছিল। তাৰ পিছত বি প্ৰাক আৰু মীৰাৰ জীৱনলৈ আহিল এক সুখৰ খবৰ। মীৰা বচ্চনে ২০২২ চনত তেওঁৰ দ্বিতীয় সন্তানৰ আশা কৰিছিল। কিন্তু মুহূৰ্ততে, সকলো শেষ হ’ল।

জুন মাহত নৱজাতকৰ মৃত্যু হয়। সেই ঘটনাক লৈ বি প্ৰাক আৰু তেওঁৰ পত্নীয়ে এতিয়াও টোকে চকুলো। তেওঁলোকে ২০২২ চনত তেওঁলোকৰ নৱজাতকৰ মৃত্যুৰ কথাই মনত এতিয়াও দোলা দি থাকে।

সেই দিনটোৰ বিষয়ে সামাজিক মাধ্যমতো হৈছিল চৰ্চা। শেহতীয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল, “মোৰ জীৱনত যদি এনে কিবা আছে, যাক সহ্য কৰিবলৈ মই কষ্ট পাওঁ, সেয়া হৈছে মোৰ সন্তানৰ মৃতদেহ। ‘

যেতিয়া বি প্ৰাক চিকিৎসালয়লৈ উভতি আহিছিল, মীৰাই কৈছিল, “আপুনি দাফনাৰ পিছত আহিছে! আপুনি মোক এবাৰ দেখুৱাব পাৰে।’

0Shares