অসমৰ দুখন কলেজ। য’ত আছে সৰ্বাধিক ধুনীয়া ছোৱালী। যাক লৈ কৰা হৈছে গৰ্ব। ৰূপে গুণে ধুনীয়া ছোৱালী থকা কলেজ দুখনৰ কথা কৈছে এজন কণ্ঠশিল্পীয়ে। তেওঁ আন কোনো নহয়, তেওঁ হ’ল কৃষ্ণমণি চুতীয়া। কণ্ঠশিল্পী গৰাকীৰ আগন্তুক মুক্তি পাবলগীয়া “ৰাংঢালী-২০২৫” ত এই কথা কোৱা হৈছে। তেওঁৰ মতে, মনোহাৰী কলেজ আৰু ডি চি বি কলেজতহে অসমৰ সবাতোকৈ ধুনীয়া ছোৱালী আছে। এই সন্দৰ্ভত তেখেতে বৰ্তমান কৰি আছে পৰিকল্পনা। সকলো ঠিকেই থাকিলে আগন্তুক নতুন বছৰৰ পূৰ্বেই অসমৰ ৰাইজে “ৰাংঢালী-২০২৫”ৰ গীতত এই সন্দৰ্ভত শুনিবলৈ পাব সকলো।
অৱশ্যে, অসমৰ ধুনীয়া ল’ৰা থকা কলেজৰ নামো তেওঁ গীতত অন্তৰ্ভুক্ত কৰিছে। তেওঁৰ মতে, গড়গাঁও আৰু শোণিতপুৰ কলেজত অসমৰ সবাতোকৈ ধুনীয়া ল’ৰা আছে।