কেইবিধমান বিশেষ খাদ্যৰ জৰিয়তে বা খাদ্যাভ্যাস সলনি কৰি কৰ্কট ৰোগক প্ৰতিহত কৰিব পাৰে বুলি মন্তব্য কৰি এতিয়া বিপদত পৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু। পত্নী নৱজ্যোত কৌৰ সিদ্ধুলৈ ছত্তীশগড় চিভিল চ’চাইটিৰ (চিচিএছ) পৰা ৮৫০ কোটিৰ আইনী জাননী প্ৰেৰণ কৰা হৈছে।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি, চিচিএছৰ আহ্বায়ক ডাঃ কুলদীপ চোলাঙ্কীয়ে কয়, “এনে ধৰণৰ মিছা দাবীয়ে মানুহক বিভ্ৰান্ত কৰি তুলিছে আৰু তেওঁলোকক এলোপেথিক ঔষধ আৰু থেৰাপীৰ বিষয়ে নেতিবাচক ভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিছে। আনকি কৰ্কট ৰোগীসকলকো তেওঁলোকৰ ঔষধ গ্ৰহণ বন্ধ কৰিবলৈ বাধ্য কৰা হৈছে, যাৰ ফলত তেওঁলোকৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে।”

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে, যদিহে তেওঁলোকে কৰ্কট ৰোগৰ সন্দৰ্ভত সংবাদ মাধ্যম যোগে দাবী কৰা কথাখিনিৰ সত্য-সত্যতাৰ প্ৰমাণ দিব নোৱাৰে তেন্তে চোলাঙ্কীয়ে কৌৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কৰা উল্লেখ কৰিছে।

উল্লেখ্য যে, নৱজ্যোত সিং সিদ্ধুৱে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে কৰ্কট ৰোগৰ এলপেথিক ট্ৰিটমেণ্টক নাকচ কৰাৰ লগতে কেৱল খাদ্যভ্যাস সলনি কৰি আৰু কেইবিধমান পৰম্পৰাগত সামগ্ৰী ব্যৱহাৰ কৰি কৰ্কট ৰোগক প্ৰতিহত কৰিব পাৰে বুলি দাবী কৰিছিল। আনকি সেই পদ্ধতি মানি চলিয়েই সিদ্ধুৰ পত্নীয়ে চতুৰ্থ স্তৰৰ কৰ্কট ৰোগক পৰাস্ত কৰিছে বুলি উল্লেখ কৰিছিল। সেইদৰে চেনী, মইদা, ৰিফাইন তেলক কৰ্কট ৰোগৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰিছিল।

সিদ্ধুৰ এই দাবীৰ পিছতে জাঙুৰ খাই উঠিছিল দেশৰ বহুসংখ্যক ডাক্তৰ তথা কৰ্কট ৰোগ বিশেষজ্ঞ।

0Shares