
মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ধৃতৰাষ্ট্ৰ। গীতাত ধৃতৰাষ্ট্ৰই এটা মাত্ৰ শ্লোকহে কৈছে।
ধৃতৰাষ্ট্ৰ শব্দৰ অৰ্থ এনেদৰে কোৱা হৈছে- গীতা জ্ঞানৰ প্ৰতীক, আনহাতে অন্ধতা অজ্ঞানৰ প্ৰতীক। গীতা গোটেই জ্ঞানৰ ভঁৰাল। সেয়েহে ইয়াত সৰ্বাধিক জ্ঞান বিষয়ক শ্লোকৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বিপৰীতে অজ্ঞানৰ প্ৰতীক এটা মাত্ৰ শ্লোক ধৃতৰাষ্ট্ৰৰ যোগেদি কোৱা হৈছে।
মায়া-মোহত আবদ্ধ হৈ অবিদ্যাজনিত কাৰণত ধৃতৰাষ্ট্ৰই নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল, সূক্ষ্ম বিচাৰ নোহোৱা হৈছিল, যাৰ বাবে কুৰুক্ষেত্ৰ সমৰৰ সৃষ্টি হ’ল। যদিও ধৃতৰাষ্ট্ৰ বাহ্যিকভাৱে অন্ধ, প্ৰকৃতাৰ্থত তেওঁ মায়াতহে অন্ধ বুলি কোৱা হৈছে। বাহ্যিক অন্ধতা ইয়াৰ প্ৰতীক মাত্ৰ।
ইয়াৰ যোগেদিয়েই জীৱ জগতত শিক্ষা দিয়া হৈছে যে যেতিয়ালৈকে মানুহে মায়াপাশত আৱদ্ধ হৈ অবিদ্য বশতঃ নিজৰ শৰীৰটো ধৰি ৰাখিব, তেতিয়ালৈকে তেওঁৱেই ধৃতৰাষ্ট্ৰ হৈ থাকিব। অৰ্থাৎ, “ৰাষ্ট্ৰ” শব্দৰ অৰ্থ ইয়াত শৰীৰক বুজোৱা হৈছে আৰু অন্ধভাৱে ধৰি ৰখা কাৰ্যকে “ধৃত” বুলি কোৱা হৈছে।