সমাজত এনে বহু দম্পতী আছে যি নেকি সাংসাৰিক জীৱনত এটা সন্তানৰ বাবে হাহাকাৰ কৰি আহিছে। আনহাতে জন্মৰ পিছৰে পৰা মাক-দেউতাক, পৰিয়াল-পৰিজনৰ মৰমৰ পৰা বঞ্চিত হৈ এনে বহু শিশুৱেই এলাগী জীৱন নিৰ্বাহ কৰি আছে যি বৰ্তমান সমাজত হেৰুৱাই পেলাইছে আত্মপৰিচয়। এনে সন্তানহীনা দম্পতী তথা পৰিচয়-ঠিকনাবিহীন বহু শিশুৰ বাবে এতিয়া এখন আপোন ঘৰ হৈ পৰিছে ‘মৰম’ নামৰ এটি অনুষ্ঠান।
লখিমপুৰৰ ‘মৰম’ নামৰ এই স্বেচ্ছাসেৱী সংস্থাটোৱেই এতিয়া এইসকল সন্তানহীনা দম্পতীৰ বাবে সন্তান আৰু পিতৃ-মাতৃহীনা শিশুৰ বাবে মাক-দেউতাক, অভিভাৱক তথা আত্মীয়-স্বজনৰ যোগান ধৰি আহিছে। ২০১২ চনত বঙালমৰাৰ ৰাংবাই জাগৃতি উন্নয়ন কেন্দ্ৰই লখিমপুৰত স্থাপন কৰা ‘মৰম’ নামৰ এই শিশু দত্তক কেন্দ্রটিয়ে অদ্যাপি ৫৪ টি শিশুক তুলি তালি ডাঙৰ-দীঘল কৰাৰ লগতে বহু নিঃসন্তান দম্পতীক এনে শিশু সকলক তেওঁলোকৰ হাতত তুলি দি মহান উপকাৰ সাধন কৰি আহিছে বাবে এই দম্পতী সকলৰ মাজত আশাৰ সঞ্চাৰ হোৱাই নহয় হাঁহি বিৰিঙি উঠিছে। লক্ষণীয় কথা যে, এনে কেইবাটিও শিশু এতিয়া লখিমপুৰৰ পৰা গৈ সুদুৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ডাঙৰ দীঘলো হৈছে।
লখিমপুৰ নগৰৰ ৮ নং ৱাৰ্ডত থকা ‘মৰম’ নামৰ এই শিশু দত্তক কেন্দ্রটিত এতিয়াও এমা-ডিমা আঠটিকৈ শিশুক কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰী আৰু আয়াই পৰিচৰ্যা কৰি আছে। কেন্দ্ৰটিৰ প্ৰকল্প সঞ্চালক হৰিকান্ত আচাৰ্য আৰু সমাজকৰ্মী সুনীল দেউৰীয়ে জানিবলৈ দিয়া মতে, কোনো লোকে এই কেন্দ্ৰটিৰ পৰা এনে শিশুক গ্ৰহণ কৰিব বিচাৰিলে প্রথমে তেওঁলোকে অনলাইনযোগে আবেদন পত্র পূৰণ কৰিব লাগিব আৰু সেই আবেদনপত্ৰ পঞ্জীয়নভুক্ত হোৱাৰ পিচত সময় অনুযায়ী ‘মৰম’ৰ শিশুসকলক চি ডব্লিউ চিৰ জৰিয়তে সন্তানহীনা দম্পতীক অৰ্পণ কৰা হয়। মূলতঃ তিনিটা পৰ্যায়ৰ তথা মাউৰা, পেলনীয়া বা পৰিত্যক্ত শিশুসকলক এই কেন্দ্ৰত পৰিচৰ্যা তথা প্ৰতিপালন কৰা হয়।
‘মৰম’ নামৰ এই স্বেচ্ছাসেৱী অনুষ্ঠানটিত এতিয়া এগৰাকী চিকিৎসক ডাঃ কুইন বৰুৱা, নাৰ্চ ববী দাস ৰাজখোৱাৰ লগতে ছগৰাকী কেয়াৰটেকাৰ আৰু এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে শিশুসকলক অশেষ কষ্টৰে দিনে নিশাই প্ৰতিপালন কৰি আহিছে। একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তানক লালন-পালন কৰিব নোৱাৰি এই কেন্দ্রক চমজাই দিয়াৰ লগতে একাংশ মাউৰা আৰু পেলনীয়া বা পিতৃ-মাতৃ পৰিচয়হীন শিশুক এই গৃহত আশ্রয় দি অহা হৈছে।
স্বেচ্ছাসেৱী সংস্থা জাগৃতি উন্নয়ন কেন্দ্ৰৰ মহানুভৱতাৰ বাবেই এতিয়া এই কেন্দ্রটিয়ে সন্তানহীন বহু দম্পতীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। কেৱল অসমতে নহয়, এই কেন্দ্ৰৰ একাংশ শিশু এতিয়া পশ্চিমবংগ, উৰিষ্যা, আমেৰিকাপর্যন্ত পাইছেগৈ বুলি কেন্দ্ৰটিৰ সমাজকর্মী সুনীল দেউৰীয়ে অৱগত কৰিছে। অৱশ্যে ০-৬ বছৰ বয়সৰ ল’ৰা-ছোৱালীকহে এই কেন্দ্রটোত স্থান দিয়া হয় আৰু ৬ বছৰ পাৰ হোৱাৰ পিচত এই কেন্দ্ৰটিৰ পৰা এনে শিশুক আন গৃহলৈ স্থানান্তৰিত কৰা হয়। চি ডব্লিউ চি আৰু চেন্ট্রেল ৰিছ’ছ এডপ’ছন অথ’ৰিটীৰ জৰিয়তেহে কেন্দ্রটিয়ে এনে অনাথ শিশুসকলক আবেদনকাৰীসকলক হস্তান্তৰ কৰি আহিছে।।