![](https://nznewslive.com/wp-content/uploads/2024/07/Black-Yellow-Modern-Gripping-Crime-Stories-Youtube-Thumbnail_20240730_140402_0000.png)
বিয়াৰ পিছত কৰোবাৰ জীৱন সুখকৰ হয়, কৰোবাৰ হৈ পৰে দুখৰ। মাজে সময়ে আমি এনেধৰণৰ কিছুমান বাতৰি লাভ কৰি থাকো। পত্নীৰ সপোন পূৰণ কৰিবলৈও নিশ্চয়কৈ সকলো স্বামীয়েই বিচাৰিব। এইবাৰ আহিছে তেনেধৰণৰে এক বাতৰি।
পত্নীৰ বিদেশত উচ্চ শিক্ষা লোৱাৰ সপোন পূৰাবলৈ গৈ বিপদত পৰিল স্বামী। কষ্টৰে ৭৬ লাখ টকা যোগাৰ কৰি স্বামীয়ে পত্নীক উচ্চ শিক্ষা ল’বলৈ পঠিয়াই কানাডালৈ। আৰু তাৰ পিছতে ঘটনাই লয় অন্য পাক!
পাকিস্তানৰ ইছলামবাগৰ এজন লোকে ৭৬ লাখ টকা খৰচ কৰি পত্নীক পঢ়া-শুনাৰ বাবে কানাডালৈ পঠিয়াইছিল যদিও বিদেশৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে পত্নীয়ে স্বামীৰ ফোন নম্বৰ ব্লক কৰি দিয়ে।
খবৰ অনুসৰি, পাকিস্তানী লোকজন কেইদিনমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ আগৰ কথা-বতৰা মতে, কইনাই কানাডাত পঢ়া-শুনা আগবঢ়াই নিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু মাক-দেউতাকৰ হাতত নাছিল ইমান টকা। গতিকে বিয়াৰ পিছত পত্নীৰ সপোন কৰাৰ প্ৰতিশ্ৰুতি দিছিল স্বামীয়ে।
বিয়াৰ কেইমাহমান পিছত পত্নীয়ে কানাডালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। শিক্ষানুষ্ঠানৰ মাছুল,ভিছা আদি খৰচকে ধৰি মুঠ ৭৬ লাখ টকাৰ প্ৰয়োজন হ’ব বুলি স্বামীক জনায় পত্নীয়ে।লগে লগে মানুহজনে পত্নীৰ ভিছাৰ বাবেও ঋণ লৈ নিজৰ সঞ্চয়ৰ সকলো ধন খৰচ কৰে। কিন্তু কানাডা বিমানবন্দৰত অৱতৰণৰ লগে লগে পত্নীয়ে স্বামীৰ নম্বৰটো ব্লক কৰি দিয়ে। আনকি স্বামীৰ পৰিয়ালৰ আন আন সদস্যৰো নম্বৰো ব্লক কৰে।
এতিয়া পৰিস্থিতি এনেকুৱা যে, কোনো সংযোগ উপলব্ধ নহয় পত্নীৰ সৈতে। ইমান টকা খৰচ কৰি স্বামী এতিয়া চিন্তিত, “পত্নীয়ে তেওঁক এনেকৈ কিয় প্ৰতাৰণা কৰিলে।”