সম্পৰ্কীয় বাতৰি

প্ৰায় সকলো মানুহেই কেতিয়াবা নহয় কেতিয়াবা আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ আমি সকলোৱেই নিশ্চয় উপায়ো উলিয়াও। কিন্তু সফলতা কেতিয়াবা আহে, কেতিয়াবা নাহে।

এই আৰ্থিক সংকট বাস্তু দোষৰ ফলতো হ’ব পাৰে। সেয়েহে বাস্তু শাস্ত্ৰৰ কিছুমান নিয়ম পালন কৰক। যাৰ জৰিয়তে ঘৰত আৰ্থিক সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব।

বাস্তু শাস্ত্ৰ অনুসৰি, তুলসীৰ পুলি পৱিত্ৰ হোৱাৰ লগতে ই বাস্তু দোষ দূৰ কৰে বুলি বিশ্বাস কৰা হয়। বাস্তু শাস্ত্ৰ অনুসৰি, তুলসীৰ পুলি সকলোৰে ঘৰত লগোৱা উচিত। বাস্তু শাস্ত্ৰত তুলসীৰ পুলিয়ে ঘৰৰ সুখ–সমৃদ্ধি বৃদ্ধি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। তুলসীৰ গছ ধৰ্মীয়ভাৱে যিমান গুৰুত্বপূৰ্ণ, সিমানেই বাস্তু উপায়ৰ বাবেও প্ৰয়োজনীয়। তুলসীৰ গছ ঘৰত ৰাখিলে পৰিয়ালত সুখ–শান্তি আৰু আৰ্থিক সমৃদ্ধি বৰ্তি থাকে।

অৱশ্যে তুলসীৰ গছ লগোৱাৰ নিয়ম: বাস্তু অনুসৰি, সঠিক দিশত তুলসীৰ পুলি ৰুলে আপোনাৰ সমস্যা দূৰ হ’ব পাৰে। তুলসীৰ গছ লগালে ইতিবাচক শক্তি বৃদ্ধি পায়। তুলসী পুলি ঘৰৰ পূব দিশত লগোৱা উচিত। এই দিশত তুলসী লগোৱা আটাইতকৈ ভাল। যদি কোনো কাৰণত এই দিশত ৰুব নোৱাৰে তেন্তে উত্তৰ বা উত্তৰ–পূবত বেলকনী বা খিৰিকীৰ ওচৰত ৰাখিব পাৰে। তুলসীৰ গছৰ কাষত কেতিয়াও জোতা–চেণ্ডেল, ঝাড়ু আৰু ডাষ্টবিন নাৰাখিব।

আৰ্থিক সমস্যা দূৰ কৰাৰ বাবে তুলসীৰ গছে সঠিক দিশত লগোৱাৰ লগতে ইয়াৰ তলত ঘিৰ চাকি জ্বলোৱা উচিত। যদি আপুনি নিয়মিতভাৱে তুলসীৰ তলত ঘিউ চাকি জ্বলাই, তেন্তে ঘৰত ধনৰ বৰষুণ হ’ব আৰু মা লক্ষ্মীৰ কৃপাদৃষ্টি লাভ কৰিব। এনে কৰিলে ঘৰত কেতিয়াও আৰ্থিক অন্ধকাৰ নহয় আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়। তুলসীৰ গছে ঘৰলৈ সৌভাগ্য কঢ়িয়াই আনে আৰু ধন সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ই ঘৰৰ নেতিবাচক শক্তি দূৰ কৰে আৰু পৰিয়ালৰ সদস্যসকলক সুস্বাস্থ্যৱান কৰি ৰাখে।

0Shares